নিউজ ডেস্ক : ৰাজ্যৰ বহুকেইখন জিলাত বান পৰিস্থিতিয়ে সংহাৰী ৰূপ ধাৰন কৰিছে। আন অঞ্চলসমূহৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো বিস্তীৰ্ণ অঞ্চল বানপানীত ডুব গৈছে, উদ্যান কৰ্তৃপক্ষই জনোৱা মতে উদ্যানখনৰ প্ৰায় ৩০ শতাংশ অঞ্চল এতিয়াও বানৰ কবলত আছে।
বানপানীৰ ফলত এতিয়ালৈকে ২টা গঁড়, ২টা দলহৰিণকে ধৰি ২৪ টা বনৰীয়া জীৱ-জন্তুৰ মৃত্যু হোৱাৰ লগতে ৫ টা জন্তুক উদ্ধাৰ কৰা হৈছে বুলি উদ্যান কৰ্তৃপক্ষই সদৰী কৰে।
ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ এক প্ৰতিবেদন মতে এইবাৰ বানৰ ফলত ১,৭৮,৪৩৪ টা ঘৰচিয়া আৰু বনৰীয়া জীৱ-জন্তু ক্ষতিগ্ৰস্ত হৈছে।
অৱশ্যে, শেহতীয়াকৈ পাছিঘাট, ডিব্ৰুগড়, ধনশিৰি আৰু নুমলিগড়ত পানী বিপদসীমাৰ তলেদি বৈ আছে যদিও নিমাতীঘাট অঞ্চলত এতিয়াও পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে ইষ্টম’জ’ক জনোৱা মতে বৰ্তমান পৰিস্থিতি সম্পুৰ্ণ স্বাভাৱিক অৱস্থালৈ ঘূৰি গৈছে যদিও চোৰাং চিকাৰীৰ তদাৰক কৰিবলৈ উদ্যানখনৰ ভিতৰত থকা ২২৩ টা এণ্টি-পোচিং শিবিৰৰ ২১ টা শিবিৰ বৰ্তমান পানীৰ তলত আছে।
লগতে পঢ়ক : হাটিঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতু ৰঞ্জন শৰ্মাক কৃতি শিক্ষক বটা প্ৰদান