ডিফু : দেওবাৰে কাৰ্বি আংলঙত আৰক্ষীৰ সৈতে হোৱা এক সংঘৰ্ষত কুকি সশস্ত্ৰ বিদ্ৰোহী গোট ইউনাইটেড পি’পলছ লিবাৰেশ্যন ফ্ৰণ্ট চমুকৈ ইউ পি আৰ এফৰ দুজন সদস্যৰ মৃত্যু হয়। আৰক্ষীৰ এক সূত্ৰত প্ৰকাশ।
প্ৰাপ্ত তথ্য মতে, এক বিশেষ সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত দেওবাৰে আবেলি আৰক্ষীৰ এটা দলে জিলাখনৰ সিংহাসন পাহাৰৰ জোলেন অঞ্চলত অভিযান চলাই সশস্ত্ৰ বিদ্ৰোহী দুজনক নিহত কৰিছিল।
ঘটনাস্থলীৰ পৰা দুটা এ কে ৪৭ ৰাইফল আৰু বহু নথি পত্ৰ জব্দ কৰা হয় বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে।
লগতে পঢ়ক : ভাল খবৰ, যোৱা ৮৮ দিনৰ ভিতৰত সৰ্বনিম্ন দেশত ক’ভিড আক্ৰান্তৰ সংখ্যা
উল্লেখযোগ্য যে যোৱা বছৰৰ ছে্প্টেম্বৰ মাহত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা এক সংঘৰ্ষত সংগঠনটোৰ স্বঘোষিত কমাণ্ডাৰ ইন চিফ মাৰ্টিন কুকিৰ মৃত্যু হৈছিল। ইয়াৰ পিছতে ডিচেম্বৰত সংগঠনটোৰ প্ৰায় বিলাক সদস্যই আত্মসমৰ্পন কৰিছিল বুলি আৰক্ষীয়ে সদৰী কৰে।
অৱশ্যে, সংগঠনটোৰ আন ৬ জন সদস্যসহ বীৰাপ্পন আৰু অৰ্জুণ নামৰ সদস্য দুজনে পুনৰ গোটটোক সংক্ৰিয় কৰি সদস্য ভৰ্তিকে ধৰি আন আন সাংগঠনিক কাম কাজ আৰম্ভ কৰা বুলি আৰক্ষীয়ে লগতে জানিবলৈ দিয়ে।
এই বছৰৰ আৰম্ভণিতে অৰ্জুণক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু বৰ্তমান তেওঁ কাৰাগাৰত বন্দী হৈ আছে।