গুৱাহাটী: মৃত কুকুৰ ভক্ষণ কৰি পুনৰ ২০ টা শগুণৰ মৃত্যু। ১২ শগুণক অসুস্থ অৱস্থাত উদ্ধাৰ কৰিলে বন বিভাগে। অসুস্থ শগুণ কেইটাক ৰাণীস্থিত শগুণ সংৰক্ষণ কেন্দ্ৰত চিকিৎসা প্ৰদান কৰা হৈছে।
দক্ষিণ কামৰূপৰ পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত বৰিহাটৰ বৰহেৰামদৈৰ আদিপুৰত পুনৰ ২০ টাকৈ শগুণৰ মৃত্যু হৈছে। বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত মৃত শগুণ কেইটাক পথাৰত পৰি থকা অৱস্থাত অঞ্চলটোৰ ৰাইজে প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে।
ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ মৃত শগুণ কেইটা উদ্ধাৰ কৰি মৰণোত্ত পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। বন বিভাগে লগতে অসুস্থ অৱস্থাত ১২ টা শগুণ উদ্ধাৰ কৰি ৰাণীস্থিত শগুণ সংৰক্ষণ কেন্দ্ৰলৈ চিকিৎসা বাবে প্ৰদান কৰে।
মৃত কুকুৰ ভক্ষণ কৰাৰ ফলত বিষক্ৰিয়া হৈ শগুণ কেইটাৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। কিছুদিন পুৰ্বেও ৰাণীত বিষক্ৰিয়াৰ ফলত ৩ টা শগুণৰ মৃত্যু হৈছিল। যোৱা মাৰ্চ মাহত ছয়গাঁৱত ১০০ শগুণৰ মৃত্যু হৈছিল বিষক্ৰিয়াৰ ফলত।
লগতে পঢ়ক –