গুৱাহাটী: গুৱাহাটী আই আই টিৰ হোষ্টেলৰ এটা কোঠাত অন্ধ্ৰ প্ৰদেশৰ এজন ২০ বছৰীয়া ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হৈছে। সোমবাৰে আৰক্ষীয়ে এই কথা জানিবলৈ দিয়ে।
নিহত ছাত্ৰজনক কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক শাখাৰ বি-টেকৰ পঞ্চম ষান্মাসিকত অধ্যয়ন কৰি থকা গুডলা মহেশ চাই ৰাজ বুলি চিনাক্ত কৰা হৈছে।
ছাত্ৰজনক আই আই টি-গুৱাহাটী চৌহদত থকা তেওঁৰ হোষ্টেলৰ কোঠাত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল।
দেওবাৰে ছাত্ৰজনৰ মৃতদেহটো উদ্ধাৰ হোৱা বুলি জানিবলৈ দি ছাত্ৰজনে ‘মানসিক চাপ’ৰ হেঁচাত আত্মহত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰে।
অৱশ্যে আমিনগাঁও আৰক্ষী থানাৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে মৃত্যুৰ প্ৰকৃত কাৰণ জানিবলৈ তদন্ত চলাই থকা হৈছে। ইতিমধ্যে, মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু পিছত পৰিয়ালৰ লোকক চমজাই দিয়া হ’ব।
আনহাতে ছাত্ৰজনৰ মৃত্যু সন্দৰ্ভত দুখ প্ৰকাশ কৰি আই আই টি গুৱাহাটীয়ে বিষয়টোৰ এক আভ্যন্তৰীণ তদন্ত কৰা হ’ব বুলি জানিবলৈ দিয়ে।
এক বিবৃতিত আই আই টি গুৱাহাটীয়ে নিহত ছাত্ৰজনক “প্ৰতিষ্ঠানটোৰ এজন প্ৰাক্তন ছাত্ৰ হিচাপে চিনাক্ত কৰা হৈছে” বুলি উল্লেখ কৰে।
“আমি আৰক্ষীৰ তদন্তত সহযোগিতা কৰিম আৰু এই বিষয়ত আভ্যন্তৰীণ তদন্তও আৰম্ভ কৰিম,” প্ৰতিষ্ঠানটোৱে এক বিবৃতিত কয়।
আনহাতে আই আই টিৰ এক সূত্ৰ অনুসৰি “বেয়া শৈক্ষিক প্ৰদৰ্শনৰ” বাবে ছাত্ৰজনক তেওঁ পঢ়ি থকা পাঠ্যক্ৰমৰ পৰা বৰ্খাস্ত কৰা হৈছিল।
লগতে পঢ়ক – কাজিৰঙাত গঁড়ক খুন্দিয়াই থৈ যোৱা ট্ৰাকৰ ওপৰত জৰিমনা