নিউজ ডেস্ক– নিৰ্বাচনী আইন ভংগকাৰী সকলৰ বিৰুদ্ধে অভিযানত নামি পৰিছে প্ৰশাসন।নিৰ্বাচনৰ আগমুহূৰ্ত্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনে উদ্ধাৰ হৈ আছে বিভিন্ন নিচাজাতীয় সামগ্ৰী।
বোকাজানত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ৩০ কেজি গাঞ্জা। লগতে আৰক্ষীয়ে আটক কৰে দুজন গাঞ্জা ব্যৱসায়ী।

অসম- নাগালেণ্ড সীমান্তৰ লাহৰিজান নিয়মীয়া তালাচীত NL01G 9867 নম্বৰৰ এখন তেলৰ টেংকাৰ খনত উদ্ধাৰ গাঞ্জাখিনি।
মণিপুৰৰ পৰা অসমলৈ বিক্ৰী কৰিবলৈ আনিছিল এই গাঞ্জাখিনি।
মঙলবাৰে নিৰ্বাচনী আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়াই জাৰি কৰা এক বিবৃতি মতে সমগ্ৰ অসমত ৬৪.৮৪কোটি টকা মূল্যৰ সুৰা,ড্ৰাগছ, নগদ ধন জব্দ কৰা হৈছে।
ইয়াৰ ভিতৰত ১২.১৭ কোটি টকাৰ নগদ ধন ১৭.৮২ কোটি টকাৰ চুলাই মদ জব্দ কৰা হৈছে।
মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে জাৰি কৰা বিবৃতিত লগতে কোৱা হৈছে যে ২.৮২ কোটি টকা মূল্যৰ সোণ আৰু ৰূপৰ অলংকাৰ আৰু ২৭.১৩ কোটি টকামূল্যৰ নিচাসামগ্ৰীও জব্দ কৰা হৈছে।
অসমত নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ পাছৰে পৰা অসম আৰক্ষী, আবকাৰী আৰু কৰ বিভাগ, ফ্লাইং স্কোৱাডকে ধৰি বিভিন্ন সংস্থাই অহৰহ নিৰ্বাচনী আইন ভংগকাৰী সকলৰ বিৰুদ্ধে ৰাজ্যৰ সকলো জিলাত অনুসন্ধান অভিযান চলাই আহিছে বুলি নিৰ্বাচনী আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়াই উল্লেখ কৰে।