বুধবাৰে ৰাজ্যত ৩,০৪৫ গৰাকী ব্যক্তিৰ শৰীৰত ক’ভিড পজিটিভ ধৰা পৰাৰ লগতে ক’ভিডত আক্ৰান্ত হৈ থকা ২২ গৰাকী ব্যক্তিৰ মৃত্যু হয়।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে দিয়া তথ্য অনুসৰি ৰাজ্যত কালিৰ দিনটোত ক’ভিড আক্ৰান্তৰ হাৰ আছিল ৫.৪৯ শতাংশ।
কালি ৰাজ্যত ৫৫,৪৮০ গৰাকী ব্যক্তিৰ ক’ভিড পৰীক্ষা কৰা হৈছিল।
মঙলবাৰে অসমত ক’ভিড আক্ৰান্ত লোকৰ হাৰ আছিল ৫.০০ শতাংশ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ১৮ গৰাকী।
উল্লেখযোগ্য যে বুধবাৰ পৰ্য্যন্ত অসমত ১,২৫৫ গৰাকী লোকে ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক সাবটি লৈছে।
কালি মৃত্যু হোৱা ২২ গৰাকী ব্যক্তিৰ ৬ গৰাকী কামৰূপ মহানগৰৰ, বৰপেটা আৰু কামৰূপ গ্ৰাম্যৰ ৩ গৰাকীকৈ, যোৰহাট আৰু শোণিতপুৰৰ ২ গৰাকীকৈ, কাচাৰ, কৰিমগঞ্জ, চৰাইডেউ, লখিমপুৰ, তিনিচুকীয়া আৰু কাৰ্বি আংলঙৰ ১ জনকৈ লোকৰ মৃত্যু হয়।
আনহাতে আক্ৰান্ত লোকৰ সংখ্যা কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ১২০৬ গৰাকী, ডিব্ৰুগড় ২২৯ গৰাকী, কামৰূপ গ্ৰাম্যত ২২৫ গৰাকী আৰু নগাঁৱত ১২৫ গৰাকী ব্যক্তিৰ ক’ভিড ধৰা পৰে।
এই পৰ্য্যন্ত ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈ থকা লোকৰ সংখ্য হৈছে ২১,৮৪৮ গৰাকী।