টীয়ক: সমগ্র ৰাজ্যৰ লগতে যোৰহাট জিলাৰ বিভিন্ন স্থানত অব্যাহত থকা ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া সন্দৰ্ভত বুজ লোৱা উদ্দেশ্যে বুধবাৰে অসম চৰকাৰৰ দুজনকৈ মন্ত্ৰীয়ে জিলাখনৰ টীয়ক সমষ্টিৰ কেইবাটাও প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।
লগতে পঢ়ক : ২৮টা স্বৰ্ণ বিজয়ী আন্তঃৰাষ্ট্ৰীয় পাৰালিম্পিক শ্বুটাৰ এতিয়া ৰাষ্টাৰ চিপছ বিক্ৰেতা!
পুৱাৰ ভাগত শিক্ষা মন্ত্ৰী তথা যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰানোজ পেগুৱে টীয়ক হাইস্কুল, বনাই হাইস্কুল, কাকজান উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ প্ৰতিষেধক কেন্দ্ৰ তিনিটা পৰিদৰ্শন কৰি স্বাস্থ্য কৰ্মী, সাধাৰণ লোকৰ লগত মত বিনিময় কৰাৰ লগতে কেন্দ্ৰ কেইটাৰ সা-সুবিধা সন্দৰ্ভত বুজ লয়।
বিয়লি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই মৰিয়নী সমষ্টিৰ কলিয়াপানীৰ সমীপৰ এটা কেন্দ্ৰৰ ওপৰি টীয়কৰ চেনী আমগুৰি হাইস্কুলৰ প্ৰতিষেধক কেন্দ্ৰ পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীয়ে আজি পৰ্যন্ত যোৰহাট জিলাত ২৪ হাজাৰ লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰে।
ইপিনে টীয়ক এফ আৰ ইউ খনৰ আন্তঃগাঁথনি শীঘ্ৰে উন্নয়ন সাধন কৰা হ’ব বুলি জনায় স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে। তদুপৰি কাৱৈমাৰী আৰু গোঁহাই গাঁৱৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতো দুৱাৰ মুকলি নোহোৱা প্ৰাথমিক চিকিৎসালয় দুখন শীঘ্ৰে মুকলি কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰীজনে।