শিলচৰ: শিলচৰ আৰক্ষীয়ে শনিবাৰে নগৰখনৰ চেন্ট্ৰেল ৰ’ডত ১২ টি শিশুসহ ম্যামানৰৰ ২৬ গৰাকী ৰোহিংগীয়াক আটক কৰে। ধৃত লোক কেইজনে জম্মুৰ পৰা আহি আছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

প্ৰাপ্ত তথ্য মতে, লোক কেইজনৰ লগত কোনো বৈধ নথি নথকাৰ বাবে তেওঁলোকক আটক কৰা হয়।

কাছাৰ আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰে জনোৱা মতে, শনিবাৰে নিশা প্ৰায় ২ বজাত আৰক্ষী-টহলদাৰী দল এটাই ৰোহিংগীয়া কেইজনক আটক কৰে। “আৰক্ষীৰ টহলদাৰী এটা দলে প্ৰায় ২ বজাত চেন্ট্ৰেল ৰ’ডত শিশুকে ধৰি এদল লোকৰ সন্দেহজনক গতিবিধি লক্ষ্য কৰে। লোককেইজনে তিনিখন বেলেগ বেলেগ গাড়ীৰে যাতায়ত কৰা বুলি জানিব পৰা গৈছে। আৰক্ষী কাষ চাপি অহাৰ পিছত তেওঁলোকে কোনো বৈধ নথি দেখাব নোৱাৰাত তেওঁলোকক আটক কৰা হয়,’’- তেওঁ কয়।

লোক কেইজনে শনিবাৰে জম্মুৰ পৰা ৰে’লযোগে গুৱাহাটীলৈ আহিছিল বুলি প্ৰাৰম্ভিক তদন্তত জানিব পৰা গৈছে বুলি কৌৰে জানিবলৈ দিয়ে।

আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে কাছাৰ জিলাৰ কাতিগোড়া অঞ্চলত একাংশ এজেণ্ট আছে যিয়ে অবৈধ প্ৰব্ৰজনকাৰীক ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলৰ মাজেৰে ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰাত সহায় কৰাৰ লগতে তেওঁলোকক ভুৱা নথি-পত্ৰও প্ৰদান কৰে। 

‘‘এই ২৬ জন ৰোহিংগীয়াই দীৰ্ঘদিন ধৰি জম্মু-কাশ্মীৰত বাস কৰি আহিছে। হঠাতে কিয় তেওঁলোকে শিলচৰলৈ যাত্ৰা কৰিলে আৰু তেওঁলোকৰ প্ৰকৃত উদ্দেশ্য কি, সেই কথা জানিবলৈ আমি চেষ্টা কৰি আছো,’’ কৌৰে কয়।

উল্লেখযোগ্য যে বৰাক উপত্যকাত যোৱা কেইমাহমানত কেইবাজনো ৰোহিংগীয়াক গ্ৰেপ্তাৰ কৰা হৈছে। ২০২১ চনৰ ১৩ অক্টোবৰত কৰিমগঞ্জৰ চুৰাইবাৰীত এখন বাছৰ পৰা দুজন ৰোহিংগীয়াক আটক কৰা হৈছিল। ২০২১ চনৰ ২৪ জুলাইত বদৰপুৰ ৰে’লৱে ষ্টেচনত ৩গৰাকী মহিলা আৰু ৬ নাবালকসহ ১৫ গৰাকী ৰোহিংগীয়াক গ্ৰেপ্তাৰ কৰা হৈছিল।

লগতে পঢ়ক – শিক্ষক নিযুক্তিত কেলেংকাৰীঃ আৰক্ষীৰ জালত প্ৰাক্তন শিক্ষা বিষয়া আনোৱাৰ হুছেইন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply