নিউজ ডেস্ক: সোমবাৰে মৰিগাঁও জিলাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া এখন বাহন আৰু এখন ট্ৰাকৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষৰ ফলত তিনিজন লোক নিহত হোৱাৰ লগতে আন ১৪ জন গুৰুতৰভাৱে আহত হয়।
জিলাখনৰ ধৰমতুলত উক্ত শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
আহতসকলক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তেওঁলোকৰ অৱস্থা সংকটজনক বুলি এজন আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।
নিহতসকলৰ এজনক ভুপাল আধিকাৰী বুলি চিনাক্ত কৰা হৈছে, আনহাতে বাকী কেইজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।
দেওবাৰে ‘মকৰ সংক্ৰান্তি’ উপলক্ষে অৰুণাচল প্ৰদেশৰ পৰশুৰাম কুণ্ডত লোহিত নদীত স্নান কৰি ১৭ জন তীৰ্থযাত্ৰী গুৱাহাটীলৈ উভতি আহি থকাৰ সময়ত উক্ত দুৰ্ঘটনাটো সংঘটিত কয়।
লগতে পঢ়ক – অসমৰ উত্তম তাঁতীলৈ ২০২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় সাহসিকতা বঁটা