শিলচৰ: এগৰাকী কিশোৰীক অপহৰণ কৰি দলবদ্ধভাৱে ধৰ্ষণ কৰাৰ অভিযোগত দেওবাৰে কৰিমগঞ্জ জিলাত আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰে।
ঘটনা সম্পৰ্কত আজি আৰক্ষীৰ এক সূত্ৰই জনাই যে যোৱা শনিবাৰে সন্ধিয়া কিশোৰী গৰাকীৰ চিনাকী এজন লোকে তেওঁক কিবা কাৰণত এঠাইত লগ কৰাৰ বাবে মাতে।
মানুহজনক যিহেতু চিনাকী আছিল সেয়ে তেওঁ পৰিয়ালৰ লোকক নোকোৱাকৈ ঘৰৰ পৰা লোকজনক লগ ধৰিবলৈ ওলাই যায়। কিন্তু ঠাইখিনিত গৈ পোৱাৰ পিছতে উক্ত লোকজনে আন তিনিজন সহযোগীৰ সৈতে মিলি কিশোৰী গৰাকীক এখন চাৰিচকীয়া বাহনত জোৰ কৰি উঠাই মানুহ নথকাত এক স্থানত দলবদ্ধভাৱে ধৰ্ষণ চলাই বুলি আৰক্ষীয়ে কয়।
ইপিনে কিশোৰী গৰাকী নিশা বহু দেৰিলৈকে ঘৰলৈ নহাত পৰিয়ালৰ লোকে নিলামবজাৰ আৰক্ষী থানাৰ কাষ চাপে। ইয়াৰ পিছতে থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি মালাকাৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে সেই নিশাই অভিযান চলাই জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্তৰ দলগ্ৰামত কিশোৰী গৰাকীক উদ্ধাৰ কৰে।
পিছত দেওবাৰে আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত তিনিজন লোকক দলগ্ৰামৰ বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰে। ধৃত লোক তিনিজনক ৰহিম উদ্দিন, নাছিৰ উদ্দিন আৰু চুলেমান আলী বুলি চিনাক্ত কৰা হৈছে।
কিশোৰী গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয় যদিও এই বাতৰি যুগুত কৰা সময়লৈকে স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদন অহা নাই।
নিলামবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মালাকাৰে ঘটনাৰ সৈতে জড়িত আটাইকেইজন অভিযুক্তক আটক কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে।
এক সূত্ৰই জনোৱা মতে ঘটনা সম্পৰ্কত নিলামবজাৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৬ ডি (দলবদ্ধ ধৰ্ষণ) আৰু ধাৰা ৩৬৬ (অপহৰণ)-ৰ অধীনত ১৩০/২২ নম্বৰৰ এক গোচৰ ৰুজু কৰা হৈছে।
আনহাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনিজন অভিযুক্ত অহা মঙলবাৰে আদালাতত হাজিৰ কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক – লাচিত এক্সপ্ৰেছ-কামৰূপ এক্সপ্ৰেছৰ ষ্টপেজ গোৰেশ্বৰত দিয়াৰ দাবীত প্ৰতিবাদ