ডিব্ৰুগড় : চিকিৎসকৰ বৃত্তিত কালিমা সানি এগৰাকী মহিলা সহকৰ্মীক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল ডিব্ৰুগড়ৰ এগৰাকী চিকিৎসক। ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত সংঘটিত হ’ল এই ঘটনা।
প্ৰাপ্ত তথ্য মতে ডিব্ৰুগড়ৰ বৰবাৰী আৰক্ষী চকীত নৱজ্যোতি ডেকাৰ বিৰুদ্ধে বৃহস্পতিবাৰে পুৱা ভুক্তভোগীয়ে দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ধৰ্ষণৰ এক গোচৰ ৰুজু কৰি চিকিৎসক গৰাকীক গ্ৰেপ্তাৰ কৰে।
‘এজাহাৰখনত উল্লেখ কৰা মতে বুধবাৰে নিশা তেওঁলোকৰ কৰ্মস্থলীত উক্ত ঘটনা সংঘটিত হয়,’ ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক স্বেতাংক মিশ্ৰই কয়।
লগতে পঢ়ক : ২৮টা স্বৰ্ণ বিজয়ী আন্তঃৰাষ্ট্ৰীয় পাৰালিম্পিক শ্বুটাৰ এতিয়া ৰাষ্টাৰ চিপছ বিক্ৰেতা!
তেওঁ আৰু কয়, ‘ভুক্তভোগীৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে আৰু ইয়াৰ ফলাফলৰ বাবে অপেক্ষা কৰি থকা হৈছে। অভিযুক্ত চিকিৎসক গৰাকীক জেৰা চলাই থকা হৈছে।’
ঘটনা সন্দৰ্ভত বৰবাৰী আৰক্ষী চকীত ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ (ধৰ্ষণ) আৰু ৩২৮ (অপকাৰ সাধন)ৰ অধীনত গোচৰ ৰুজু কৰি ডেকাক গ্ৰেপ্তাৰ কৰে। এক নিৰ্ভৰযোগ্য সূত্ৰৰ মতে ২০০৬ চনত এম বি বি এছ ডিগ্ৰী সম্পুৰ্ণ কৰা ডেকা এগৰাকী বিবাহিত ব্যক্তি আৰু তেওঁ যোৱা কেইবা মাহ ধৰি ব্যক্তিগত চিকিৎসালয়খনৰ ক’ভিড ৱাৰ্ডত কৰ্মৰত হৈ আছিল।