নিউজ ডেস্কঃ অসম বিধানসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ’ব। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিছে বহুকেইগৰাকী হাই প্ৰফাইল নেতা।
আজি ৰাজ্যত নিৰ্বাচনী প্রচাৰ চলাব বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা আৰু কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধীৰ লগতে কেইবাগৰাকীয়ো নেতাই।
গোৱালপাৰাৰ কৃষ্ণাইত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰিয়ংকা গান্ধীয়ে।
আৰু পঢ়কঃআজি অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী
আনহাতে বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডায়ে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ হৈ প্রচাৰ চলাব পাটাছাৰকুছিত ৷
সমষ্টিটোৰ ভাগৱতী ফিল্ডত নির্বাচনী সভা সম্বোধন কৰিব নাড্ডাই৷ ইয়াৰ পিছতে তেওঁ বকোৰ গান্ধী ময়দান আৰু গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া সভাত ভাষণ প্রদান কৰিব ৷ গুৱাহাটীত তেওঁ পূব গুৱাহাটী সমষ্টিৰ প্রার্থী সিদ্ধার্থ ভট্টাচার্যৰ হৈ প্রচাৰ চলাব৷
আৰু পঢ়কঃ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যত হিংসাত্মক ঘটনা, ইভিএম ওলাল বিজেপি প্ৰাৰ্থীৰ গাড়ীত
শুকুৰবাৰৰ দিনটোত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে চিৰাং, বৰপেটা, নলবাৰী, দুধনৈ, পলাশবাৰী আৰু হাজোত নির্বাচনী সভা সম্বোধন কৰিব৷ সেইদৰে কেন্দ্রীয় মন্ত্রী নৰেন্দ্র সিং টোমৰে সৰুক্ষেত্রীত নির্বাচনী প্রচাৰ চলাব৷
উল্লেখ্য যে, চাপাগুৰি, বৰমা, ধৰ্মপুৰ, বৰক্ষেত্ৰী, তামুলপুৰ, হাজো, গুৱাহাটী(পূব), গুৱাহাটী (পশ্চিম), দিছপুৰ, জালুকবাৰী, পলাশবাৰী, ছয়গাওঁ, বকো, চেঙা, সৰুক্ষেত্ৰী, বাঘবৰ, জনিয়া, বৰপেটা, পাটাছাৰকুছি, ভবানীপুৰ, সৰভোগ, জলেশ্বৰ, গোৱালপাৰা(পূব), গোৱালপাৰা (পশ্চিম), দুধনৈ, অভয়াপুৰী (দক্ষিণ), অভয়াপুৰী(উত্তৰ), বিজনী, বঙাইগাওঁ, চিদলী, কোকৰাঝাৰ (পূব), কোকৰাঝাৰ(পশ্চিম), গোসাঁইগাওঁ, বিলাসীপাৰা (পূব), বিলাসীপাৰা(পশ্চিম), গোলকগঞ্জ, গৌৰীপুৰ, ধুবুৰী, দক্ষিণ শালমাৰা আৰু মানকাচৰ এই ৪০ টা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন।