ধেমাজি: ধেমাজি জিলাৰ চিলাপথাৰত বহুদিনৰ পৰা বহিঃৰাজ্যৰ এটা নাৰী সৰবৰাহকাৰী চক্ৰ সক্ৰিয় হৈ আছে। শনিবাৰে তেনে এটা চক্ৰৰ সৈতে জড়িত দুগৰাকী মহিলাসহ চাৰি কিশোৰী সৰবৰাহকাৰীক ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়া এক ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।য
অভিযোগ অনুসৰি চিলাপথাৰৰ সমীপৰ কুলামুৱা বঙালী গাঁও বৰুৱা চুকৰ ক্ৰমে ১৪ আৰু ১৫ বছৰীয়া দুগৰাকী কিশোৰীক প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নি বিক্ৰী কৰিব খুজিছিল পন্ত পাল আৰু চিণ্টু নামৰ উত্তৰ প্ৰদেশৰ মুজাফৰনগৰৰ দুই দালাল আৰু তেওঁলোকৰ দুই পত্নীয়ে।
কিন্তু সৌভাগ্যক্ৰমে প্ৰায় পাঁচ বছৰৰ পূৰ্বে নি উত্তৰ প্ৰদেশত বিক্ৰী কৰা তথা আজি নিবলৈ সাজু কৰা এগৰাকী কিশোৰীৰ ভগ্নীয়ে সমগ্ৰ কথা গম পাই ভনীয়েকক ফোনযোগে সকলো কথা বিৱৰি কোৱাত আচল কথা ধৰা পৰে।
সৰবৰাহকাৰী কেইজনে যুৱতী কেইগৰাকীক ১.৫০ লাখ টকাত বিক্ৰী কৰাৰ পৰিকল্পনা ৰচা কথাটো পোহৰলৈ অহাৰ পিছতে অঞ্চলটোত হুৱাদুৱা লাগে আৰু স্থানীয় গাঁওৰক্ষী বাহিনীৰ সহযোগত পত্নীসহ দুয়োজনকে আটক কৰি চিলাপথাৰ আৰক্ষীক খবৰ দিয়া হয়।
পিছত চিলাপথাৰ আৰক্ষীয়ে চাৰিওগৰাকীকে আটক কৰি নিশা থানালৈ লৈ আনে বুলি জানিবলৈ দিয়ে।
লগতে পঢ়ক – Horoscope: আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ’ব?