নিউজ ডেস্ক: অসমত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও ৰাজ্যৰ চাৰিখন জিলাত প্ৰায় ৪.০২ লাখ লোক বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈ আছে, এখন চৰকাৰী বুলেটিনত প্ৰকাশ পাইছে।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এক প্ৰতিবেদন অনুসৰি কাছাৰ, ডিমা হাচাও, মৰিগাঁও আৰু নগাঁও জিলাত ৪,০১,৮০০ৰো অধিক লোক বানৰ কবলত আছে।
নগাঁও সৰ্বাধিক ২.৯১ লাখৰো অধিক লোক বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে কাছাৰত ৬৮,৫০০ৰো অধিক আৰু মৰিগাঁৱত প্ৰায় ৪১,০০০ লোক বানৰ দ্বাৰা প্ৰভাৱিত হৈছে।
শনিবাৰলৈকে ৰাজ্যখনৰ চাৰিখন জিলাত ৪.৪৯ লাখৰো অধিক লোক বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।
আনহাতে এইবাৰৰ বানপানী আৰু ভূমিস্খলনত এতিয়ালৈকে মুঠ ৩২ জন লোকে প্ৰাণ হেৰোৱাব লগা হৈছে।
তদুপৰি বৰ্তমান ৫৯৬ খন গাঁও পানীৰ তলত থকাৰ লগতে সমগ্ৰ অসমতে ২৫,৮৬০ হেক্টৰ শস্যৰ ভূমি ক্ষতিগ্ৰস্ত হৈছে বুলি এ এছ ডি এম এৰ তথ্যত প্ৰকাশ।
চৰকাৰে চাৰিখন জিলাত ১০৬টা সাহায্য শিবিৰ আৰু বিতৰণ কেন্দ্ৰৰ জৰিয়তে ৬,৯১৯ শিশুসহ ৩১,৬৪৫ জন লোকক আশ্ৰয় প্ৰদান কৰিছে বুলি জনোৱা হয়।
লগতে পঢ়ক – দিল্লীত এক দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি ল’লে জামুগুৰিহাটৰ এজন যুৱকে