সোমবাৰে ৰাজ্যত ৪,৪৮৯ গৰাকী ব্যক্তিৰ শৰীৰত ক’ভিড পজিটিভ ধৰা পৰাৰ লগতে ক’ভিডত আক্ৰান্ত হৈ থকা ২৯ গৰাকী ব্যক্তিৰ মৃত্যু হয়।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে দিয়া তথ্য অনুসৰি ৰাজ্যত কালিৰ দিনটোত ক’ভিড আক্ৰান্তৰ হাৰ আছিল ৮.০২ শতাংশ।
দেওবাৰে অসমত ক’ভিড আক্ৰান্ত লোকৰ হাৰ আছিল ১০.০১ শতাংশ শতাংশ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ২৩ গৰাকী।
কালি ৰাজ্যত ৫৫,৯৩৯ গৰাকী ব্যক্তিৰ ক’ভিড পৰীক্ষা কৰা হৈছিল।
উল্লেখযোগ্য যে সোমবাৰ পৰ্য্যন্ত অসমত ১,৩৮৯ গৰাকী লোকে ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক সাবটি লৈছে।
কালি মৃত্যু হোৱা ২৯ গৰাকী ব্যক্তিৰ ১৩ গৰাকী কামৰূপ মহানগৰৰ, ৪ গৰাকী ডিব্ৰুগড়ৰ, ৩ গৰাকী কৰিমগঞ্জৰ, ২ গৰাকী ওদালগুৰিৰ, ১ গৰাকীকৈ বঙাইগাঁও, কাচাৰ, গোৱালপাৰা, কামৰূপ গ্ৰাম্য, নলবাৰী, শোণিতপুৰ আৰু তিনিচুকীয়া জিলাৰ।
আনহাতে আক্ৰান্ত লোকৰ সংখ্যা কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ১,৬৪৫ গৰাকী, ডিব্ৰুগড়ত ৪৬০ গৰাকী, কামৰূপ গ্ৰাম্যত ২৩৯ গৰাকী, আৰা নগাঁও তথা নলবাৰীত ২০১ গৰাকীকৈ ব্যক্তিৰ ক’ভিড ধৰা পৰে।
বৰ্তমান ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈ থকা লোকৰ সংখ্য হৈছে ২৬,৪৭৭ গৰাকী।