দেওবাৰে ৰাজ্যত ৩,২৯৯ গৰাকী ব্যক্তিৰ শৰীৰত ক’ভিড পজিটিভ ধৰা পৰাৰ লগতে ক’ভিডত আক্ৰান্ত হৈ থকা ৪৮ গৰাকী ব্যক্তিৰ মৃত্যু হয়।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে দিয়া তথ্য অনুসৰি ৰাজ্যত কালিৰ দিনটোত ক’ভিড আক্ৰান্তৰ হাৰ আছিল ৯.১৩ শতাংশ।
শনিবাৰে অসমত ক’ভিড আক্ৰান্ত লোকৰ হাৰ আছিল ৮.৮৪ শতাংশ শতাংশ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ৫০ গৰাকী।
কালি ৰাজ্যত ৩৬,১৩৫ গৰাকী ব্যক্তিৰ ক’ভিড পৰীক্ষা কৰা হৈছিল।
লগতে পঢ়ক : ক’ভিডৰ ছুনামি : এখন চিকিৎসালয়ৰ ৮০ জন চিকিৎসক ক’ভিডত আক্রান্ত
উল্লেখযোগ্য যে দেওবাৰ পৰ্য্যন্ত অসমত ১,৬৭৬ গৰাকী লোকে ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক সাবটি লৈছে।
কালি মৃত্যু হোৱা ৪৮ গৰাকী ব্যক্তিৰ ১৭ গৰাকী কামৰূপ মহানগৰৰ, ৪ গৰাকী কামৰূপ গ্ৰাম্যৰ, ৩ গৰাকীকৈ ডিব্ৰুগড়, কাৰ্বি আংলং, শোণিতপুৰ আৰু তিনিচুকীয়াৰ, ২ গৰাকীকৈ বঙাইগাঁও, কাচাৰ, যোৰহাট আৰু লখিমপুৰৰ আৰু ১ গৰাকীকৈ বৰপেটা,ধেমাজি, গোৱালপাৰা, নলবাৰী আৰু হোজাই জিলাৰ।
আনহাতে আক্ৰান্ত লোকৰ সংখ্যা কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ১,৩৪৬ গৰাকী, ডিব্ৰুগড়ত ২২৮ গৰাকী, তিনিচুকীয়াত ১৪৮ গৰাকী আৰু কামৰূপ গ্ৰাম্যত ১৩৭ গৰাকীকৈ ব্যক্তিৰ ক’ভিড ধৰা পৰে।
বৰ্তমান ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈ থকা লোকৰ সংখ্য হৈছে ৩৬,০০৫ গৰাকী।