মাৰ্ঘেৰিটা : ৰাজ্যত আৰক্ষী প্ৰশাসনৰ দ্বাৰা ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰখাৰ সময়তে যোৱা ২৪ ঘণ্টাত মাৰ্ঘেৰিটা মহকুমাত ড্ৰাগছৰ বিৰুদ্ধ চলোৱা অভিযানত আৰক্ষীয়ে ৫জন যুৱকক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু নগদ জব্দ কৰিবলৈ সক্ষম হয়।
প্ৰাপ্ত খবৰ অনুসৰি, গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়াৰ চেষ্টাত আৰু ডিগবৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জিত বৰদলৈৰ নেতৃত্বত ডিগবৈ বন সংমণ্ডলৰ কায্যালয়ৰ সন্মুখত চলোৱা তালাচিত দুলীয়াজান দিশৰ পৰা ডিগবৈ অভিমুখে আহি থকা এছ ০১ এম ৭০৯১ নম্বৰৰ এখন চুইফট ডিজায়াৰৰ পৰা ২১ গ্ৰাম নিষিদ্ধ ড্ৰাগছ আৰু নগদ ১ লাখ ১০ হাজাৰ টকাসহ যুৱক কেইজনক আটক কৰা হয়।
আটকাধীন যুৱক কেইজনক ক্ৰমে মাৰ্ঘেৰিটা ১ নং মাকুম পথাৰৰ নয়ন হাজৰিকাৰ পুত্ৰ জিতু হাজৰিকা (৩২), সুৰেন বৰাৰ পুত্ৰ অজিত বৰা (৩১), অকণ সন্দিকৈৰ পুত্ৰ জিতু সন্দিকৈ (৩১) আৰু চৰাইদেউ জিলা আইদেউবাৰী বাগান গাঁৱৰ টিল বাহাদুৰ ছেত্ৰীৰ পুত্ৰ ৰাজু ছেত্ৰী (৩৭) বুলি চিনাক্ত কৰা হৈছে।
ডিগবৈ আৰক্ষীয়ে যুৱক কেইজনৰ বিৰুদ্ধে ২৩ বি এন ডি পি এছ ধাৰাৰ অধীনত ২২/২২ নম্বৰৰ এটা গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
আনহাতে কালি নিশা মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া পাৰ্থ প্ৰতিম দাস, মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সোমেশ্বৰ কোঁৱৰ আৰু লিডুৰ নৱ নিযুক্ত উপ পৰিদৰ্শক জ্যোতিষ ফুকনৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত দিহিং চাহ বাগিছাৰ সমিপৰ কাৰ্বন ফেক্টৰিলৈ যোৱা পথৰ কাষৰ এখন দোকনত অভিযান চলাই আকাশ দত্ত নামৰ এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰে।
যুৱকজনৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে এটা চিৰিঞ্জ, এটা মবাইল, ৭৩টা প্লাষ্টিক টেমা আৰু নগদ ২১, ৮৯০ টকা জব্দ কৰে। লগতে এ আৰ-১১ ৭৭৫১ নম্বৰৰ মাৰুতি ভান এখনো জব্দ কৰে আৰক্ষীয়ে। ড্ৰাগছৰ বিৰুদ্ধ এনে অভিযানক সচেতন ৰাইজে আদৰণি জনাইছে।
লগতে পঢ়ক – প্ৰতিশ্ৰুতি ৰক্ষা মুখ্য মন্ত্ৰীৰ; চিকিৎসাৰ বাবে হাইদৰাবাদলৈ উৰা মাৰিলে বোকাখাতৰ বিৰু পানিকা