নিউজ ডেস্ক : চৰাইদেউত সংঘটিত এক এক শিহৰণকাৰী ঘটনাই গোটেই জিলাখনতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। বুধবাৰে চৰাইদেউ আৰক্ষীয়ে জনোৱা মতে জিলাখনত এটি ৫ বছৰীয়া কন্যা শিশু নৰবলিৰ চিকাৰ হয়।

ঘটনা অনুসৰি সোমবাৰে নিশা চফ্ৰাই আৰক্ষী থানাৰ অধীনৰ এখন চাহ বাগিচাৰ পৰা নিশা শুই থকা অৱস্থাত অচিনাক্ত দুৰ্বৃত্তই এগৰাকী এটি পাঁচ বছৰীয়া কন্যা শিশুক ঘৰৰ পৰা অপহৰণ কৰি নিছিল, পিছত মঙলবাৰে শিশুটিৰ বায়েকে চফ্ৰাই থানাত শিশুটি নিৰুদ্দেশ হৈ থকা বুলি এখন এহাজাৰ দাখিল কৰে।

উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান কৰি মঙলবাৰে নিশা চিংগুলী নৈৰ পাৰত ক্ষত-বিক্ষত অৱস্থাত শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহটোৰ কাষতে ৰঙা কাপোৰ, ছাঁই আদি পৰি ৰোৱালৈ চাই এয়া নৰবলিৰ ঘটনা হ’ব পাৰে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।

আৰক্ষীয়ে পিছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে বুলি এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে এজন তান্ত্ৰিকক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনাৰ মূল অভিযুক্তক কৰায়ত্ব কৰিবলৈ অভিযান অব্যাহত ৰাখিছে বুলি অৰক্ষী বিষয়া গৰকীয়ে জানিবলৈ দিয়ে।

আৰক্ষীৰ মতে এয়া অন্ধবিশ্বাসৰ বাবে কোনোৱাই সংঘটিত কৰা নৰবলিৰ ঘটনা হ’ব পাৰে, ইয়াৰ পূৰ্বেও আদিবাসী অধ্যুষিত অঞ্চলত এনে ঘটনা সংঘটিত হৈছিল বুলি বিষয়া গৰাকীয়ে মন্তব্য কৰে।

আৰক্ষীয়ে ঘটনাৰ তদন্তৰ বাবে শিশুটিৰ পিতৃকে ধৰি আন ১০ জন লোকক আটক কৰি জেৰা চলাই আছে বুলি বিষয়া গৰাকীয়ে লগতে কয়।

লগতে পঢ়ক : ক’ভিডে কিদৰে মগজুৰ ওপৰত প্ৰভাৱ পেলায়? কি কয় স্নায়ু বিজ্ঞানীয়ে?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply