বোকাখাত, উত্তম কুমাৰ শৰ্মা: পোহৰলৈ আহিছে কৃষি মন্ত্রী অতুল বৰাৰ গৃহসমষ্টি বোকাখাতত বানাক্ৰান্তৰ কাৰণে অহা চাউলৰ বৃহৎ কেলেংকাৰীৰ তথ্য। বোকাখাতৰ জলসম্পদ বিভাগৰ গুদামত পচিলে বানাক্ৰান্তৰ কাৰণে অহা ৫০০ কুইন্টল চাউল।
যি সময়ত মুখ্য মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বানাক্ৰান্তৰ কাৰণে মুক্ত হস্তে দান- বৰঙণি আগবঢ়াবলৈ আহ্বান জনাইছে তাৰ ২৪ ঘণ্টা নহওঁতেই বোকাখাতত সংঘটিত এক বৃহৎ চাউল কেলেংকাৰিৰ ঘটনা পোহৰলৈ আহিছে।
জানিব পৰা মতে, ২০১৯ বৰ্ষত বোকাখাত বিধানসভা সমষ্টিৰ বানপীড়িতক বিতৰণৰ বাবে অনা হৈছিল বুজন পৰিমাণৰ চাউল। কিন্তু বিগত তিনিবছৰে জনসাধাৰণক অন্ধকাৰত ৰাখি বোকাখাতৰ জলসম্পদ বিভাগৰ গুদামত জমা ৰখা উক্ত ৫০০ কুইন্টল চাউল ইতিমধ্যে মানুহেতো বাদেই জীৱ-জন্তুৱে খোৱাৰো অনুপযোগী হৈ পৰিছে।
অৱশ্যে এই বৃহৎ পৰিমাণৰ চাউল বানাক্ৰান্তক প্ৰদান নকৰি কি কাৰণত সাঁচি ৰখা হ’ল সেই সন্দৰ্ভত মুখ খোলা নাই সংশ্লিষ্ট বিভাগে।
ইফালে ২০২১ বৰ্ষত বোকাখাতৰ মহকুমাধিপতি হিচাপে দ্বায়িত্বভাৰ গ্ৰহণ কৰা নেহা যাদৱে উক্ত কেলেংকাৰী পূৰ্বৰ মহকুমাহিপতিৰ দিনতহে সংঘটিত হৈছিল বুলি কৈ দায় সাৰিবলৈ চেষ্টা কৰাহে পৰিলক্ষিত হৈছে।
উল্লেখযোগ্য যে বানপানীৰ সময়ত এমুঠি চাউল অথবা এসাঁজ ভাতৰ কাৰণে বানাক্ৰান্তই হাহাকাৰ কৰি থাকিব লগাৰ সময়ত বোকাখাত মহকুমা প্রশাসনে কি কাৰণত তিনি বছৰে বানাক্ৰান্তৰ কাৰণে অহা শ শ কুইণ্টল চাউল এনেদৰে গুদামত সাঁচি ৰাখিছিল সেয়া ৰহস্যৰ আবৰ্তত। অৱশ্যে জনচক্ষুত ধূলি দি এই বৃহৎ পৰিমাণৰ চাউল ক’লা বজাৰত বিক্ৰী কৰাৰ পৰিকল্পনা আছিল বুলিও সন্দেহ প্ৰকাশ কৰিছে বোকাখাতৰ সচেতন মহলে।
ইফালে এই সমগ্র ঘটনা পোহৰলৈ অহাৰ লগে লগে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বোকাখাতৰ জীপাল কৃষক শ্ৰমিক সংঘই।
বোকাখাত সমষ্টিত তিনি বছৰে শ শ কুইণ্টল চাউল গুদামত ৰাখি পচিবলৈ দিয়া কাৰ্য্যৰ আঁৰৰ সকলোকে অপৰাধী হিচাপে গণ্য কৰিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহসমষ্টিৰ জলসম্পদ বিভাগত বানাক্ৰান্তৰ বাবে অহা চাউল কেনেকৈ গেলিবলৈ পালে বুলি প্ৰশ্ন উত্থাপন কৰে সংগঠনটোৱে।
জীপালৰ উপদেষ্টা তথা কৃষক নেতা সোণেশ্বৰ নৰহে গোটেই ঘটনাটোৰ এক উচ্চস্তৰীয় তদন্তৰ দাবী জনাই কৃষিমন্ত্ৰীৰ গৃহ সমষ্টিতেই সংঘটিত হোৱা এই কেলেংকাৰী সন্দৰ্ভত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভিডিঅ’ কনফাৰেঞ্চিংৰ যোগেদি কৃষি মন্ত্ৰী গৰাকীক জবাবদিহি কৰাৰ সাহস দেখুৱাবলৈ আহ্বান জনায়।
লগতে পঢ়ক – দ্ৰোপদী মুৰ্মূ কোন…