কমাৰগাঁও, চন্দন বৰা: মঙলবাৰৰ পৰা ৰাজ্যত অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা। গোলাঘাট জিলাৰ খুমটাইৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকত ৫০৪ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে।
ইয়াৰে খুমটাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৪৩৯ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে খুমটাইৰ জয়া গগৈ মহাবিদ্যালয়ত অনুষ্ঠিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৬৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হয়।
খুমটাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উচ্চ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অঞ্চলটোৰ ৬খন বিদ্যালয়ৰ ২০৫ গৰাকী পৰীক্ষাৰ্থী আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৪খন বিদ্যালয়ৰ ২৩৪ পৰীক্ষাৰ্থী অবতীৰ্ণ হৈছে বুলি বিদ্যালয়ৰ অধ্যক্ষ মৃণাল কুমাৰ বৰুৱাই জানিবলৈ দিছে।
আনহাতে জয়া গগৈ মহাবিদ্যালয়ত অনুষ্ঠিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত ৯ গৰাকী আৰু কলা শাখাত ৫৬ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে।
পৰীক্ষাৰ প্ৰথম দিনা দুয়োটা কেন্দ্ৰৰ সন্মুখত বিভিন্ন দল-সংগঠনে বেনাৰ আদি লগাই পৰীক্ষাৰ্থী সকলক শুভেচ্ছা জ্ঞাপন কৰে।
লগতে পঢ়ক – দ্যা কাশ্মীৰ ফাইলছ চিনেমাক লৈ ব্যস্ত দেশৰ ৰাজনীতি