ৰাজ্যত দৈনিক ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই অহাৰ মাজতে ৰাজ্যৰ কাৰাগাৰ সমূহতো ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে। মঙলবাৰে শিৱসাগৰ কেন্দ্ৰীয় কাৰাগাৰত ৫১ গৰাকী কয়দীৰ শৰীৰত কোভিড-১৯ত ধৰা পৰিছে।
জানিব পৰা মতে, মঙলবাৰে শিৱসাগৰ কেন্দ্ৰীয় কাৰাগাৰৰ ১৭২ গৰাকী কয়দীৰ ৰেপিড এন্টিজেন টেষ্ট কৰা হৈছিল আৰু তেওঁলোকৰ ৫১ গৰাকী কয়দীৰ দেহত ধৰা পৰে।
মংগলবাৰে কয়দীসকলৰ মাজত ৰেপিড এন্টিজেন টেষ্ট কৰোতে ৫১ গৰাকী কয়দীৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ।
ইয়াৰ পিছতে বুধবাৰেও কয়দীসকলৰ কোভিড টেষ্ট কৰা হয়। শিৱসাগৰ জিলা উপায়ুক্ত বিষ্ণু কমল বৰাই জনোৱা মতে আৰু ৩৫০ গৰাকী কয়দীৰ টেষ্ট কৰাবলৈ বাকী আছে।
লগতে পঢ়ক : ব্লেক ফাংগাছত আক্ৰান্ত হৈ অসমত মৃত্যু প্ৰথমজন ৰোগীৰ !
উল্লেখযোগ্য যে শিৱসাগৰ কাৰাগাৰত নিৰ্দ্ধাৰিত ক্ষমতাতকৈও অধিক সংখ্যক কয়দী ৰখাৰ অভিযোগ উত্থাপন হৈ আহিছিল। বৰ্তমান কাৰাগাৰখনত ৫১৭ গৰাকী কাৰাবন্দী আছে। ফলত অধিক কয়দীৰ দেহত কোভিড পজিটিভ পোৱাৰ আশংকা কৰা হৈছে।
আক্ৰান্ত কয়দীসকলক জে’লৰ ভিতৰতে আছুটীয়াকৈ ৰখা হৈছে বুলি জিলা উপায়ুক্ত গৰাকীয়ে সদৰী কৰে।
উল্লেখযোগ্য যে শিৱসাগৰ কাৰাগাৰৰ উপৰি ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰতো ক’ভিডৰ ভয়াবহ সংক্ৰমণ ঘটিছে। কাৰাগাৰখনৰ ভিতৰত থকা ৫২৪ জন কাৰাবন্দীৰ ভিতৰত ৫২ জনৰ শৰীৰত ক’ভিড ধৰা পৰিছে।
ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰৰ ক’ভিডত আক্রান্ত ৫২ জন কাৰাবন্দীৰ ভিতৰত আছে আলফা নেতা জীৱন মৰাণ।