ৰূপহীহাটত : অসমত পুনৰ সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক জঘন্য কাণ্ড। নগাঁৱৰ ৰূপহীহাটত এজন ৫৮ বছৰীয়া ব্যক্তিৰ বিৰুদ্ধে এগৰাকী ৮ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে।

ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত ঔৱনাত এই ঘটনা সংঘটিত হৈছে। অভিযুক্ত ব্যক্তিজনক ইছামুদ্দিন বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে ইছামুদ্দিনে নাবালিকা গৰাকীক নিজ গৃহলৈ ফুচলাই নি ধৰ্ষণকান্দ সংঘটিত কৰে।

ঘটনাৰ খবৰ পোৱাৰ পিছতে স্থানীয় ৰাইজে অভিযুক্ত লোকজনক আটক কৰি ৰূপহীহাট আৰক্ষী থানাত গতাই দিয়ে। বাতৰি যুগুত কৰাৰ সময়ত ৰূপহীহাট থানাৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত চলাই আছে।

লগতে পঢ়ক – মৰাণত পদ্মনাথ গোহাঁঞি বৰুৱা স্মাৰক বক্তৃতা অনুষ্ঠান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply