নিউজ ডেস্ক: চলিত বৰ্ষত অসমত বানপানী আৰু ভূমিস্খলনত এতিয়ালৈকে ৬৩ গৰাকী শিশুৰ মৃত্যু হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য মতে যোৱা ১৪ মে’ৰ পৰা ৰাজ্যত বান আৰু ভূমিস্খলনত ৬৩ গৰাকীৰ শিশুৰ মৃত্যু ঘটে।
ইয়াৰে অধিক সংখ্যক শিশুৰে কাচাৰ আৰু নগাঁও জিলাত মৃত্যু ঘটিছে। তথ্য মতে নিহতসকলৰ বেছিভাগেই বানপানীত ডুবি মৃত্যুক সাবটি লৈছে।
Deccand Herald-ত প্ৰকাশিত এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে।
প্ৰতিবেদনটোত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এগৰাকী বিষয়াৰ উদ্বৃতি দি কোৱা কয়, ‘’বহু লোকে এইবাৰ বানপানীৰ স্তৰ হঠাৎ বৃদ্ধি পোৱাত নিজকে ইয়াৰ বাবে সাজু কৰিবলৈ সময় নাপালে। অভিভাৱকে সময়মতে সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাৰ বাবে মৃত্যু হোৱা শিশুৰ সংখ্যা অধিক আছিল।‘’
উল্লেখযোগ্য যে এইবাৰ বানত ৰাজ্যখনত ১৬৮ গৰাকী লোকে প্ৰাণ হেৰোৱাৰ বিপৰীতে ভূমিস্খলনৰ ফলত ১৮ জন লোকৰ মৃত্যু হয়। কাচাৰত আটাইতকৈ বেছি (৪০) লোক নিহত হোৱাৰ বিপৰীতে নগাঁৱত ২৭ জন আৰু বৰপেতাত ১৭ জন লোকৰ মৃত্যু হয়।
যোৱা ১ জুলাইত একেটা দিনতে বৰপেটাত দুটি শিশুৰ মৃত্যু হোৱাৰ বিপৰীতে কাচাৰ, কৰিমগঞ্জ, লখিমপুৰ আৰু নগাঁও জিলাত এটিকৈ মুঠ ছয়টি শিশুয়ে কৰুণ মৃত্যুক সাবটি লয় বুলি প্ৰতিবেদনত কোৱা হৈছে।
প্ৰতিবেদনটোৰ মতে ৭ জুলাইত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰা বুলেটিনৰ তথ্য অনুসৰি অসমত এতিয়াও ২০ খন জিলাৰ প্ৰায় ১০ লাখ লোক বানৰ কবলত আছে। ১.৩৫ লাখ লোক এতিয়াও বান শিবিৰত আছে আৰু ইয়াৰ ভিতৰত ৪১,০০০টি শিশু আছে।
লগতে পঢ়ক – AltNews-ৰ মহম্মদ জুবেইৰক ৫ দিনৰ অন্তৱৰ্তীকালীন জামিন উচ্চতম ন্যায়ালয়ৰ