শনিবাৰে ৰাজ্যত ৫৩৪৭ গৰাকী ব্যক্তিৰ শৰীৰত ক’ভিড পজিটিভ ধৰা পৰাৰ লগতে ক’ভিডত আক্ৰান্ত হৈ থকা ৬৩ গৰাকী ব্যক্তিৰ মৃত্যু হয়।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে দিয়া তথ্য অনুসৰি ৰাজ্যত কালিৰ দিনটোত ক’ভিড আক্ৰান্তৰ হাৰ আছিল ৮.২৬ শতাংশ।
শুকুৰবাৰে অসমত ক’ভিড আক্ৰান্ত লোকৰ হাৰ আছিল ৯.২৬ শতাংশ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ৭৬ গৰাকী।
কালি ৰাজ্যত ৬৪,৭০১ গৰাকী ব্যক্তিৰ ক’ভিড পৰীক্ষা কৰা হৈছিল।
লগতে পঢ়ক : ব্ৰজপাত নে অন্য কাৰণ? নগাঁৱৰ ১৮টা হাতীৰ মৃত্যুৰ প্ৰসংগত
উল্লেখযোগ্য যে দেওবাৰ পৰ্য্যন্ত অসমত ২,১২৩ গৰাকী লোকে ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক সাবটি লৈছে, ইয়াৰে কামৰূপ মহানগৰত সৰ্বাধিক ২১ গৰাকীৰ মৃত্যু হয়।
আনহাতে আক্ৰান্ত লোকৰ সংখ্যা কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ১০১২ গৰাকী, কামৰূপ গ্ৰাম্যত ৪২৪জন, নগাঁৱত ৩৪৩জন আৰু শোণিতপুৰত ২৯১জন ব্যক্তিৰ ক’ভিড ধৰা পৰে।
বৰ্তমান ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈ থকা লোকৰ সংখ্য হৈছে ৪৪০০৮ গৰাকী।