নিউজ ডেস্ক: ধুবুৰীত এটি ৯ বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰাৰ অপৰাধত এগৰাকী ৬৩ বছৰীয়া বৃদ্ধক POCSO আইনৰ অধীনত স্থানীয় আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহে।
বুধবাৰে, ধুবুৰীৰ অতিৰিক্ত খণ্ড ন্যায়াধীশ তথা বিশেষ ন্যায়াধীশ (POCSO) পলি কটকীয়ে লোকজনক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড বিহে।
POCSO আইনৰ ধাৰা ৬-ৰ অধীনত লোকজনক ৫০,০০০ টকাৰ জৰিমনা বিহা হয়। জানিব পৰা মতে উক্ত অপৰাধটো ৮ মাহ পূৰ্বে শিশুটি ঘৰত অকলে থকাৰ সময়ত সংঘটিত হৈছিল।
পিছত শিশুটিয়ে ঘটনা সম্পৰ্কত পৰিয়ালৰ লোকক অৱগত কৰে আৰু পৰিয়ালৰ লোকে গাঁৱৰ লোকৰ সহায়ত অভিযুক্তক কৰায়ত্ত কৰি আৰক্ষীৰ ওচৰত এক গোচৰ ৰুজু কৰে।
লগতে পঢ়ক – ৰঞ্জিত বৰাৰ হত্যাকাৰীৰ সন্ধান দিওঁতালৈ ২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা