কোকৰাঝাৰ : কোকৰাঝাৰ জিলাত সংঘটিত দুগৰাকী ভগ্নীৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত আৰক্ষীয়ে ৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে। মঙলবাৰে অসম আৰক্ষীয়ে এই কথা সদৰী কৰে।
উল্লেখযোগ্য যে যোৱা শনিবাৰে কোকৰাঝাৰৰ অভয়াকুটিত এজোপা গছত চিপ লৈ থকা অৱস্থাত ১৪ আৰু ১৬ বছৰীয়া ৰাভা সম্প্ৰদায়ৰ দুগাৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হৈছিল।
আৰক্ষীয়ে জনোৱা মতে উক্ত ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত এই পৰ্য্যন্ত ৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
লগতে পঢ়ক : এটা বছৰৰ কাৰাবাসৰ অন্তত মুকলি আকাশৰ তললৈ অসমৰ দেৱাংগনা কলিতা; দিল্লী উচ্চ ন্যায়ালয়ৰ জামিন মঞ্জুৰ
ধৃত লোক কেইজনক বৰ্তমান জেৰা চলাই থকা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ঘটনা সম্পৰ্কত তদন্তৰ বাবে বিশেষ ডি জি পি এল আৰ বিছনৈৰ নেতৃত্বত এটা অনুসন্ধানকাৰী গোট গঠন কৰা হৈছে।
আনহাতে, মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ভগ্নী দুগৰাকীৰ পৰিয়ালক সাক্ষাৎ কৰে। এই টুইট যোগে তেওঁ কয়, ‘জনজাতীয় নাবালিকা দুগৰাকীৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনা সমাধান কৰা হৈছে… দোষী কেইজন চিনাক্ত হোৱাত মনটোৱে যথেষ্ট সন্তুষ্টি পাইছে।’