নিউজ ডেস্ক: দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ নিকটৱৰ্তী ২ নং জীয়াকুৰ হুজুৰিপাৰাত বজ্ৰপাত পৰি সাতটাকৈ গৰুৰ মৃত্যু হয়। শুক্ৰবাৰে দুপৰীয়া হোৱা প্ৰৱল বৰষুণৰ সময়ত বজ্ৰপাত পৰি গৰু কেইটাৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে।
স্থানীয় লোকে জানিবলৈ দিয়া মতে, ধাৰাসাৰ বৰষুণ হৈ থকাৰ বাবে পথাৰত চৰি থকা গৰুবোৰে গছৰ তলত আশ্ৰয় লৈছিল। কিন্তু পিছত বৰষুণ এৰাত পথাৰলৈ যোৱা স্থানীয় লোকে এজোপা শিমলু গছৰ তলত আশ্ৰয় লৈ থকা সাতটাকৈ গৰুক একেলগে মৃত অৱস্থাত প্ৰত্যক্ষ কৰে।
বজ্ৰপাত পৰাৰ ফলতেই গৰু কেইটাৰ মৃত্যু হোৱা বুলি ধাৰণা কৰিছে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক – ডিগবৈ-পেঙেৰী পথত পুনৰ বোমাতংক