মঙলদৈ: ৰাজ্যৰ আন জিলাসমূহৰ লগতে দৰঙতো আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা (আমছু)-এ বিভিন্ন দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷ দৰং জিলা আমছুৰ উদ্যোগত মঙলদৈ খাৰুপেতিয়া বাছ ষ্টেণ্ডত সংগঠনটোৱে ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷

বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে মূল্যবৃদ্ধি ৰোধ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হোৱা বুলি অভিযোগ কৰি সংগঠনটোৱে শীঘ্ৰে চৰকাৰক মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনায়। ইয়াৰ উপৰি প্ৰতিবাদকাৰীসকলে বহিঃৰাজ্যত কৰ্মৰত অসমৰ শ্ৰমিকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে অৰুণাচল প্ৰদেশত মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়ালক ৫ লাখ টকা সাহায্য আৰু নিখোজ শ্ৰমিকসকলক শীঘ্ৰে উদ্ধাৰ কৰিবলৈ চৰকাৰক দাবী জনায়।

আমছুৰ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত সংগঠনটোৱে অন্যায়ভাৱে উচ্ছেদ কৰা লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ দাবী জনোৱাৰ লগতে চৰকাৰক ভূমিহীন লোকক ভূমি পট্টা প্ৰদান কৰিবলৈ দাবী জনায়।  

ইপিনে বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক নাই বুলি উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষকৰ নিযুক্তি আৰু জনসংখ্যা অনুপাতে চৰকাৰী চাকৰি প্ৰদান কৰিবলৈ দাবী জনায়।

লগতে পঢ়ক – ক’ভিডত আক্ৰান্ত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিদ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply