চৰাইদেউ : চৰাইদেউ জিলাৰ সোণাৰি ৰাজহ চক্ৰৰ অধীনস্থ সোণাৰিৰ টিয়ক চাহ বাগিচাত বিভিন্ন সময়ত প্ৰশাসনে চলাই অহা অধিগ্ৰহণৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সদৌ অসম আদিবাসী ছাত্র সন্থা।

শেহতীয়াকৈ বাগিচাখনৰ ভূমি অধিগ্ৰহণ কৰি প্ৰশাসনে বিভিন্ন বিভাগৰ কাৰ্যালয় স্থাপন কৰিবলৈ যো-জা চলোৱা বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছাৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি চন্দন ঘাটোৱাৰ আৰু সম্পাদক ইমিল ধানোৱাৰে মঙলবাৰে জিলাৰ উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰে।

স্মাৰকপত্ৰ উল্লেখ কৰা মতে, বিগত দিনত চৰাইদেউ মহকুমা আৰু বৰ্তমান জিলা উপাযুক্তৰ কার্যালয়, ন্যায়িক আদালত নিৰ্মাণৰ বাবে বাগিচাখনৰ প্রায় ২৫ বিঘা ভূমি অধিগ্রহণ কৰা হৈছে।

বৃটিছ আমোলতে স্থাপন হোৱা টিয়ক চাহ বাগিচাৰ মুঠ ৪১৫.১৭ হেক্টৰ মাটিকালিৰ মাত্ৰ ২৯২.০৫ হেক্টৰ ভূমিতহে চাহগছ আছে, বাকী থকা ১২৩.১২ হেক্টৰ ভূমিত বাগিচাখনৰ ফেক্টৰী, কাৰ্যালয়, ষ্টাফ কোৱাৰ্টাৰ, পৰিচালকৰ গৃহ, বিদ্যালয়, চিকিৎসালয়, ৰাজহুৱা প্ৰেক্ষাগৃহ, খেলপথাৰ, শ্রমিকৰ আবাস গৃহ, ৰাস্তা, মন্দিৰ, ৰাজহুৱা শ্মশান ইত্যাদি আছে।

১৯৮৩ চনত তদানীন্তন মহকুমাধিপতিৰ লগতে অন্যান্য বিষয়াবৰ্গৰ আবাস গৃহ নিৰ্মাণৰ বাবে চাহ গছ উচ্ছেদ কৰি প্ৰায় ৪০ বিঘা ভূমি প্ৰশাসনে অধিগ্রহণ কৰিছিল আৰু সেই সময়ত প্ৰশাসনে প্ৰতিশ্ৰুতি দিছিল যে বাগিচাখনৰ ভূমি ভৱিষ্যতে কোনো নিৰ্মাণ কাৰ্যৰ বাবে অধিগ্রহণ কৰা নহয়।

ইফালে সোণাৰি মহাবিদ্যালয়, সোণাৰি কৰ্মাচ কলেজ, সোণাৰি ৰাজহুৱা খেলপথাৰ নিৰ্মাণৰ বাবে বাগিচাখনৰ প্ৰায় ৫০ বিঘা ভূমি, কৃষি বিভাগৰ কাৰ্যালয়, পশু চিকিৎসালয় নিৰ্মাণৰ বাবে প্রায় ২০ বিঘা, জিলা পৰিবহন বিভাগৰ কাৰ্যালয়, মৰাণ বাছ আস্থান নিৰ্মাণৰ বাবে প্রায় ১৫ বিঘা, গড়কাপ্তানি বিভাগৰ কাৰ্যালয়, ৰাজীৰ ভৱন, শিক্ষক ভৱন, বৌদ্ধ বিহাৰ, সত্যনাৰায়ণ মন্দিৰ, মিচিং মুৰাংঘৰ আদি নিৰ্মাণৰ বাবে প্রায় ৭ বিঘা মাটি অধিগ্ৰহণ কৰা হৈছিল।

চৰাইদেউ জিলাৰ উপায়ুক্ত কার্যালয়কে আদি কৰি আনুষঙ্গিক কার্যালয় গৃহ নিৰ্মাণৰ বাবে পুনৰ টিয়ক চাহ বাগিচাৰ ভূমি অধিগ্রহণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগতে বাগিচাখনৰ কেইবা বিঘা ভূমি অধিগ্রহণ কৰি চৰকাৰী- প্ৰশাসনিক কাৰ্যালয় ইত্যাদি নিৰ্মাণৰ পৰিকল্পনা প্রস্তুত কৰা হৈছে বুলি বিভিন্ন উৎসৰ পৰা জিলা আছাৰ নেতৃত্বই জানিব পাৰিছে বুলি পত্ৰখনত উল্লেখ কৰা হৈছে।

বাগিচাখনৰ ভূমি অনাগত দিনত কোনো কাৰণতে অধিগ্ৰহণ কৰিবলৈ দিয়া নহব বুলি স্পষ্ট কৰি দি জিলা আছাৰ নেতৃত্বই বাগিচাখনৰ শ্রমিক-কর্মচাৰীৰ জীৱন-জীবিকাৰ পথ ৰুদ্ধ কৰাৰ পৰিৱৰ্তে আন বিকল্প ঠাইত সংশ্লিষ্ট গৃহ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংগঠনটোৱে দাবী জনায়।

লগতে পঢ়ক : মণিপুৰত উগ্ৰপন্থীৰ আক্ৰমণত ৮ বছৰীয়া শিশুসহ ৪ জনৰ মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply