মাৰ্ঘেৰিটা, মানস প্ৰতিম গগৈ: উজনি অসমৰ অন্যতম আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন সম্পন্ন।

শুকুবাৰে ভোটগ্ৰহণৰ পাছত হোৱা ভোট গণনাত আছু আৰু আগছুৰ  প্ৰাৰ্থীয়ে লাভ কৰে সাফল্য। মহাবিদ্যালয়ৰ ছাত্ৰএকতা সভাৰ সভাপতি পদত আগছু প্ৰাৰ্থী  আশীক ছেত্ৰীয়ে  নিকটতম আছু প্ৰাৰ্থী  জাগৃতি শৰ্মাক মাত্ৰ ৫ টা ভোটৰ ব্যৱধানত পৰাস্ত  কৰে।

সাধাৰণ সম্পাদক পদত আছু প্ৰাৰ্থী শান্তনু হাজৰিকাই প্ৰায় ৩০০ ভোটৰ ব্যৱধানত আগছু প্ৰাৰ্থী প্ৰেম ভূজেলক পৰাভূত কৰে।

এই নিৰ্বাচনত আছুৱে ৫টা আগছুৱে ৩টা ছাত্ৰ মুক্তিয়ে ২টা আৰু হেল্পীং হেণ্ড নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ ২গৰাকী প্ৰাৰ্থীয়ে জয়লাভ কৰিছে।

ফলাফল ঘোষণাৰ পিছতেই বিজয়ী প্ৰাৰ্থীসকলকলৈ লৈ আছু আৰু আগছুৱে পৃথকে পৃথকে শোভাযাত্ৰা উলিওৱা দেখা যায়।

উল্লেখযোগ্য যে এই নিৰ্বাচনত আছু, আগছুৰ উপৰিও এবিভিপি আৰু ছাত্ৰ মুক্তিয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছিল। কিন্তু উপ সভাপতিসহ দুটা পদ ছাত্ৰ মুক্তিয়ে লাভ কৰাৰ বিপৰীতে বেয়াকৈ মুখ ঠেকেছা খালে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰাৰ্থী।

লগতে পঢ়ক – মৰাণ আৰক্ষীয়ে আমাৰ ওপৰত যৌন অত্যাচাৰ চলাইছিল: জ্ঞানদীপ বৰগোহাঁই

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply