কমাৰগাঁও, চন্দন বৰা: গোলাঘাট জিলাৰ বনগাঁৱৰ বীৰঙ্গনা সতী সাধনী ক্ষেত্ৰৰ প্ৰেক্ষাগৃহত সোমবাৰে বাদুলিপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বনগাঁও শাখা ছাত্ৰ সন্থাৰ সমিতি গঠন সভা অনুষ্ঠিত হয়।
বাদুলিপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মুস্তাক আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সভাত দীপাংকৰ শইকীয়াক সভাপতি, দিবাকৰ ঘাটোৱাৰক সাধাৰণ সম্পাদক, মুস্তাক আহমেদ, ভূপেন কুৰ্মী, ৰিতুল আলি, ধনীৰাম গঞ্জু, সঞ্জীব চাহু, ৰোহিত গগৈ, অংশুমান কৰ্মকাৰক আঞ্চলিক সমিতিৰ প্ৰতিনিধি হিচাপে লৈ এখন ৩১ জনীয়া বনগাঁও শাখা ছাত্ৰ সন্থাৰ পূর্ণাঙ্গ শাখা সমিতি গঠন কৰা হয়।
সভাত বাদুলিপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিশ্বজিত শইকীয়া, সহকাৰী সাধাৰণ সম্পাদকদ্বয় ক্ৰমে জমিৰউদ্দিন আহমেদ, উপদেষ্টা সঞ্জীৱ গগৈ আদি কৰি কেইবাজনো ছাত্ৰ নেতা উপস্থিত থাকে।
উক্ত সভাত বনগাওঁ শাখা ছাত্ৰ সন্থা তথা বাদুলিপাৰ আঞ্চলিক ছাত্র সন্থাৰ সক্ৰিয় ছাত্র কৰ্মী হেমন্ত ঘাটোৱাৰে ছাত্র সন্থাৰ মাজিয়াৰ পৰা আনুষ্ঠানিকভাবে বিদায় লয়। ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লোৱা ছাত্ৰ নেতা ঘাটোৱাৰক বাদুলিপাৰ আঞ্চলিক ছাত্ৰ সন্থাই অঙ্গ বস্ত্ৰ আদিৰে বিদায় সম্বৰ্ধনা জনায়।
লগতে পঢ়ক – গোৰেশ্বৰত অগ্নিকাণ্ডত ভস্মীভূত চাৰিটাকৈ বাসগৃহ