পল্লব মিলি, লখিমপুৰ: শনিবাৰৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ ‘কেন্দ্ৰীয়  সাধাৰণ সভা’। সুদীৰ্ঘ ৩৭ বছৰৰ মূৰত লখিমপুৰত অনুষ্ঠিত হৈছে এই কেন্দ্ৰীয়  সাধাৰণ সভাক লৈ পদ্মনাথ গোহাঁই বৰুৱা ক্ষেত্ৰত উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে।

আজি আছুৰ সভাপতি দিপাঙ্কৰ নাথে পতাকা উত্তোলনেৰে দ্বিতীয় দিনাৰ কাৰ্যসূচী আৰম্ভ হয়, সম্পাদক শংকৰজ্যোতি বৰুৱাই শ্বহীদ তৰ্পন কৰাৰ পিছতে সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰে আছুৰ মূখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই।

সমগ্ৰ ৰাজ্যৰ প্ৰায় ৬ হেজাৰ ছাত্ৰ প্ৰতিনিধিয়ে অংশ লোৱা উপৰিও বহু লোকে এই শোভাযাত্ৰাত অংশ গ্ৰহণ কৰে। অভিনেতা নয়ন নীলিমেও উক্ত শোভাযাত্ৰাত ভাগ লয়। বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠানৰ লগতে বিভিন্ন জিলাৰ ছাত্ৰ প্ৰতিনিধিয়ে উলিওৱা বৰ্ণিল শোভাযাত্ৰাই সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

আছুৰ উপদেষ্টা আৰু সভাপতি সম্পাদকে ৰাজ্যৰ শৈক্ষিক দিশ, অসম চুক্তিৰ ৰূপায়ণ আদিৰ লগতে নাগৰিকত্ব সংশোধী আইন, বৃহৎ নদীবান্ধ আদিৰ সম্পৰ্কত লখিমপুৰ সাধাৰণ সভাত আলোচনা কৰা হ’ব বুলি উল্লেখ কৰে।

লগতে পঢ়ক – ঊষা মংগেশকাৰলৈ অসম সাহিত্য সভাৰ ড° ভূপেন হাজৰিকা আন্তর্জাতিক সমন্বয় বঁটা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,587 other subscribers

Leave a comment

Leave a Reply Cancel reply