সোণাৰি: যোৱা ৩ আগষ্টত সোণাৰি আৰক্ষীয়ে ধনৰ বিনিময়ত নিযুক্তি প্ৰদানৰ অভিযোগত চৰাইদেউ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ গাণনিক অমৃত গগৈক গ্ৰেপ্তাৰ কৰিছিল।
উক্ত কেলেংকাৰীৰ তথ্য পোহৰলৈ অহাৰ পাছতেই অসম চৰকাৰৰ স্বাস্থ্য সঞ্চালকে ৯১ জনীয়া এক তালিকা প্ৰকাশ কৰি তালিকাভুক্ত কৰ্মচাৰীসকলক ১২ আগষ্টৰ ভিতৰত নথি-পত্ৰ পৰীক্ষণৰ নিৰ্দেশ জাৰি কৰে।
ইয়াৰ পিছতেই এতিয়া সমগ্ৰ ৰাজ্যতে স্বাস্থ্য বিভাগৰ নিযুক্তি কেলেংকাৰীয়ে জোঁকাৰণি তুলিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত গোটেই বিষয়টোৰ নিৰপেক্ষ তদন্তৰ কৰি দোষীক চিনাক্ত কৰি কঠোৰতম শাস্তি বিহা তাৰ দাবী উত্থাপন কৰিছে চৰাইদেউ জিলা ছাত্ৰ সন্থাই।
চৰাইদেউ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰা এখন স্মাৰকপত্ৰত সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাই উল্লেখ কৰে যে চৰাইদেউ জিলাৰ স্বাস্থ্য বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ত একাংশ বিষয়া-কৰ্মচাৰী আৰু দালালে ধনৰ বিনিময়ত ভুৱা নিযুক্তি প্রক্রিয়া চলাই অহাৰ সময়তে আৰক্ষীয়ে এজন জ্যেষ্ঠ গাণনিক বিষয়াক গ্ৰেপ্তাৰ কৰিছে যদিও দালাল চক্ৰটোৰ সৈতে জড়িত আন মূল ব্যক্তিসকলক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা বা তদন্তৰ আওঁতালৈ আনিবলৈ সক্ষম হোৱা নাই।
চৰাইদেউ জিলাৰ বহু নিবনুৱাক চাকৰি প্ৰদানৰ প্ৰলোভনেৰে ধন সংগ্ৰহত লিপ্ত চক্ৰটোৰ আঁৰৰ ব্যক্তিসকল এইপৰ্যন্ত গ্ৰেপ্তাৰ নকৰা কথাটোত ছাত্ৰ সন্থাই গোটেই তদন্ত প্রক্রিয়াটোৰ প্ৰতি সন্দেহ প্রকাশ কৰা লগতে স্বাস্থ্য বিভাগৰ একাংশ আমোলা আৰু তদন্ত প্রক্রিয়াত জড়িত একাংশ বিষয়াই দোষীক ৰক্ষণাবেক্ষণ প্ৰদানৰ চেষ্টা চলাইছে বুলি অভিযোগ কৰে।
ইফালে অবৈধভাৱে নিযুক্তি লাভ কৰা বিভাগটোৰ বহু কৰ্মচাৰী এতিয়াও চৰাইদেউ জিলাৰ লগতে আন জিলাত কৰ্মৰত অৱস্থাত থকাৰ বিষয়টো ৰহস্যজনক বুলি উল্লেখ কৰি জিলা ছাত্ৰ সন্থাৰ সভাপতি দিলীপ বড়া আৰু সাধাৰণ সম্পাদক অনুপজ্যোতি ভূঞাই বিষয়টো উচ্চ পৰ্যায়ৰ তদন্ত কৰি দালাল চক্ৰটোৰ সৈতে জড়িত প্ৰতিজনক কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰা আৰু অবৈধভাৱে নিযুক্তিপ্রাপ্ত সকলক শীঘ্ৰে বৰ্খাস্ত কৰি কঠোৰ শাক্তি প্ৰদান কৰিবলৈ দাবী জনায়।
সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰশান্ত দত্তই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই কেলেংকাৰীৰ উচিত তদন্তৰ দাবী উত্থাপন কৰাৰ লগতে কোনোধৰণৰ ৰাজনৈতিক হস্তক্ষেপে তদন্ত প্ৰক্ৰিয়াত যাতে প্ৰতিবন্ধকতা সৃষ্টি নকৰে তাৰ প্ৰতি সকলো পক্ষকে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায়।
লগতে পঢ়ক – ধেমাজি ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ চৌখামত ভয়ংকৰ পথ দুৰ্ঘটনা,নিহত এজন