মঙলদৈ: ছিপাঝাৰত বিজেপিৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ ‘শ্বহীদ ভৱন’ত তলা ভাঙি অনাধিকাৰ প্ৰৱেশ কৰাৰ অভিযোগ উঠিছে।

প্ৰাপ্ত তথ্য মতে, সোমবাৰে ছিপাঝাৰত বিজেপিৰ জিলা সম্পাদক ৰিপুঞ্জয় শইকীয়াৰ নেতৃত্বত এটি দলে বিজেপিৰ সভা পতাৰ উদ্দেশ্যেৰে আছুৰ কাৰ্যালয়ত তলা ভাঙি অনাধিকাৰ প্ৰৱেশ কৰে।

এই কাৰ্যত আছুৰ দৰং জিলা সমিতি ক্ষোভিত হৈ পৰাৰ লগতে তেওঁলোকে তেওঁলোকে বিজেপিৰ জিলা সম্পাদক ৰিপুঞ্জয় শইকীয়াৰ বিৰুদ্ধে মঙলদৈ সদৰ থানাত এখন এজাহাৰ দাখিল কৰি দোষীক অতিশীঘ্ৰে কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনায়।

আনাহাতে, শাসনৰ গাদীত থকা বিজেপিৰ কৰ্ম-কৰ্তাৰ এনে কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে দৰঙৰ বিভিন্ন দল-সংগঠনে।

লগতে পঢ়ক – কালাপাহাৰ নতুন নাম হ’ব নীলাচল নগৰ, সলনি হ’ব চাৰাপভাট্টিৰ নাম

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply