সোণাৰি: সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত সোণাৰি আঞ্চলিক ছাত্ৰ সন্থা আৰু সোণাৰিবাসীৰ সহযোগত আয়োজিত ৰঙালী বিহু সন্মিলনৰ আজি প্ৰথম দিনৰ কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাৰ পতাকাৰ লগতে উদযাপন সমিতিৰ পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয়।
জিলাখনৰ ১৫ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা পতাকা উত্তোলন কৰাৰ সময়ত স্থানীয় শিল্পীসকলে পৰিৱেশন কৰা সমৱেত সংগীতে আকৰ্ষিত কৰে সকলোকে।
আজি সন্ধিয়ালৈ জেং বিহু আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতাৰ লগতে নিশা লৈ স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হ’ব।
আনহাতে কাইলৈ আমন্ত্ৰিত বিহু হুঁচৰি পৰিৱেশনৰ পাছতে মুকলি সভা আৰু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাস, নীলাভ নীতাৰ লগতে কে.কে. আৰু মোহনৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হব।
লগতে পঢ়ক – বোকাখাতত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া সভা