ধেমাজি, অংকুৰ নৰহ: নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বন্ধৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই আজি গেৰুৰামুখৰ এন এই পি চিৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত বৃহৎ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে।
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আঠখন জিলাৰ আছুৰ কৰ্মীয়ে এই প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে।
প্ৰতিবাদী কাৰ্যসূচীক নেতৃত্ব দিয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই বৃহৎ নদী বান্ধটোৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ আন্দোলন অব্যাহত থাকিব বুলি কয়।
তেওঁ কয়, “যেতিয়ালৈকে নামণি অঞ্চলত বসবাস কৰা জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত নহয়, যেতিয়ালৈকে বিশেষজ্ঞ কমিটিৰ পৰাৰ্শসমূহ আখৰে আখৰে পালন কৰা নহয়, তেতিয়ালৈকে এন এইচ পি চিৰ কাম কাজ থাকিব লাগিব।”
প্ৰতিবাদস্থলীত আছুৰ সদস্যসকলে “এন এইচ পি চি গো বেক, বিজেপি চৰকাৰৰ হুচিয়া,বানলভি হুচিয়াৰ” আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে শুকুৰবাৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গেৰুকামুখত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছিল।
লগতে পঢ়ক – গুৱাহাটীত হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ উপ সঞ্চালকৰ আত্মহত্যা