ধেমাজি, অংকুৰ নৰহ: নামণি শোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ বন্ধ কৰাৰ দাবীত আজি ধেমাজি জিলা ছাত্ৰ সন্থাই জিলাখনৰ সদৰত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
প্ৰতিবাদকাৰীসকলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এন এইচ পি প্ৰতিকৃতি দাহ কৰাৰ লগতে বৃহৎ নদী বান্ধ বন্ধ কৰক, এন এইচ পি চি গ’ বেক, দিল্লী-দিছপুৰ হুচিয়াৰ, বিজেপি চৰকাৰ হায় হায় আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷
উল্লেখযোগ্য যে বিভিন্ন দল সংগঠনৰ লগতে বিশেষজ্ঞসকলে নামনি সোৱণশিৰিৰ থুনুকা পাহাৰত ২০০০ মেগাৱাটৰ এন এইচ পি চিৰ বান্ধ নিৰ্মাণ কৰাটো সুৰক্ষিত নহয় বুলি বন্ধৰ দাবী জনাই অহা স্বত্ত্বেও চৰকাৰে কোনো ধৰণৰ কাণ-সাৰ নিদি উজনি অসমৰ জনসাধাৰণক মৃত্যু মুখলৈ ঠেলি দিনে নিশাই এন এইচ পি চিৰ কাম তীব্ৰ গতিত চলাই আহিছে।
হাজাৰ প্ৰতিবাদক আওকাণ কৰি এন এইচ পি চিয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ প্ৰায় ৮০ শতাংশ কাম সম্পন্ন কৰিলে।
সদৌ অসম ছাত্ৰ সন্থাই আজি অসমৰ জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত অতি শীঘ্ৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰিবলৈ দাবী জনায়। ইয়াৰ অন্যথা চৰকাৰখনে ভংয়কৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলি সকিয়াই দিয়ে।
লগতে পঢ়ক – চাকৰি নিয়মীয়াকৰণৰ প্ৰতিবাদত নমা জলমিত্ৰক কামৰ পৰা আঁতৰাই দিয়া হ’ব: জয়ন্ত মল্ল বৰুৱা