কমাৰগাঁও (গোলাঘাট) : ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ প্ৰদান কৰা মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আটাছু গোলাঘাট জিলা সমিতি।

আজি সন্ধিয়া ৬ বজাত খুমটাই বীৰ শ্বহীদ কেপ্টেইন জিন্টু গগৈৰ স্মাৰক ভৱনত অনুষ্ঠিত এক সংবাদমেলত সদৌ তাই আহোম ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ মুখ্য উপদেষ্টা জ্যোতি প্ৰসাদ গগৈয়ে নতুন বছৰৰ প্ৰথম দিনা মুখ্য মন্ত্ৰীয়ে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰিলে অসম ৰক্তাক্ত হৈ পৰিব বুলি কৰা মন্তব্যক দুৰ্ভাগ্যজনক আখ্যা দিয়ে।

ৰাজনৈতিক লাভালাভৰ বাবে মুখ্য মন্ত্ৰীয়ে এনে মন্তব্য প্ৰদান কৰিছে বুলি উল্লেখ কৰি আটাছুৰ নেতা গৰাকীয়ে কয় যে মুখ্য মন্ত্ৰী গৰাকীয়ে এহাতে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ কৰিম বুলি কয় আৰু আনহাতে ট্ৰাইবেল সংঘক উচতাই জনজাতিকৰণ কৰিলে আন জনজাতি সমূহে বিৰোধিতা কৰিব বুলি কৈ কৌশল কৰি আছে।

ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্য মন্ত্ৰীয়ে দিয়া মন্তব্য সমগ্ৰ অসমৰ বাবে দুৰ্ভাগ্যজনক বুলি কৈ আটাছুৰ কৰ্মীসকলে এই সন্দৰ্ভত তেওঁক নিৰ্বাচনী ইস্তাহাৰত থকা প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিবলৈ দাবী জনায়।

ইফালে খুমটাইত ৭,৮,৯ জানুৱাৰীত তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া দ্বি-বাৰ্ষিক গোলাঘাট জিলাৰ অধিবেশনখন ক’ভিড পৰিস্থিতিৰ বাবে বাতিল কৰা হৈছে বুলি সংবাদ মাধ্যমত অধিবেশনখনৰ উদযাপন সমিতিয়ে সদৰী কৰে। অৱশ্যে অহা ৭ জানুৱাৰীত আহোম সকলৰ পূৰ্বপুৰুষ স্মৃতি উদ্দেশ্য আগবঢ়োৱা ৰিক্-খন-ম্যুং-খন পূজা ভাগি অনুষ্ঠিত কৰা হ’ব।

উল্লেখযোগ্য যে ক’ভিড পৰিস্থিতিৰ বাবে আটাছুৰ গোলাঘাট জিলাৰ সমিতিখনৰ কাৰ্যকাল পুনৰ দুটা বৰ্ষৰ বাবে বৃদ্ধি কৰাৰ কথা আজিৰ সংবাদমেলত সদৰী কৰা হয়।

লগতে পঢ়ক : লখিমপুৰ আটাছুৰ উপদেষ্টা, প্ৰাক্তন সভাপতি, সাঃ সম্পাদকৰ আত্মহত্যা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,022 other subscribers

Leave a comment

Leave a Reply