বোকাখাত, উত্তম কুমাৰ শৰ্মা: ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্তৰ বিৰুদ্ধে বোকাখাতত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম আদিবাসী ছাত্র সন্থাৰ বোকাখাত আঞ্চলিকে।
উল্লেখযোগ্য যে ১৯৯৬ চনৰ পৰা আদিবাসী সকলৰ বিভিন্ন সমস্যা সমাধানাৰ লগতে জনজাতিৰ মৰ্যাদা প্ৰদানৰ বাবেও অহৰহ দাবী জনাই অহাৰ পিছতো ২০২২ বৰ্ষৰ বিধান সভাৰ বাজেট অধিবেশনৰ প্ৰথম দিনটোতেই জাতীয় প্ৰমাণ পত্ৰৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া সমগ্র ৰাজ্যতেই ক্ষোভৰ উদ্গিৰণ ঘটাইছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই।
আদিবাসী সকলৰ উন্নয়নৰ স্বাৰ্থত জাতিটোক চাহ জনগোষ্ঠীৰ পৰিৱৰ্তে আদিবাসী হিচাপেহে স্বীকৃতি প্ৰদানৰ দাবী সদৌ অসম আদিবাসী ছাত্র সন্থাৰ। লগতে জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ দায়িত্ব চাহ জনজাতীয় জাতীয় মহাসন্মিলনক প্ৰদান কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে ছাত্র সংগঠনটোয়ে।
সংগঠনটোৱে তেওঁলোকৰ দাবী মানি নল’লে ধাৰাবাহিক গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব বুলি হুংকাৰ দিয়ে।
লগতে পঢ়ক – প্ৰাপ্য দৰমহা বিচাৰি চৰকাৰলৈ কাতৰ আহ্বান শিক্ষকৰ