সোণাৰি, লখিমপুৰ: বিজেপি চৰকাৰে চাহ বাগিচাত চলোৱা উচ্ছেদ কাৰ্য্য বন্ধ কৰাৰ দাবীত আৰু কাছাৰৰ ডলো চাহ বাগিছাৰ শ্ৰমিকক নিৰ্যাতন চলোৱাৰ প্ৰতিবাদত চাহ জনজাতি ছাত্ৰ সন্থা আৰু চাহ জনজাতি মহিলা সমিতি (আটুৱা)য়ে আজি চৰাইদেউ আৰু লখিমপুৰত ব্যপক প্ৰতিবাদী কাৰ্য্যসূচী পালন কৰে।

সোণাৰি

এটি কলি দুটি পাত ধ্বনিৰে উত্তাল সোণাৰি। চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে আটছাই।

চাহ বাগিচাৰ উচ্ছেদ বন্ধ কৰাৰ দাবীত আৰু কাছাৰৰ ডলো চাহ বাগিচাৰ শ্ৰমিকক নিৰ্যাতন চলোৱাৰ প্ৰতিবাদত এই প্ৰতিবাদী কাৰ্যসূচী।

অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু চাহ জনজাতি মহিলা সমিতিৰ যৌথ উদ্যোগত সাব্যস্ত কৰা প্ৰতিবাদত পাঁচ শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে।

লখিমপুৰ

কাছাৰৰ ডলো বাগিচাত ২,৫০০ বিঘা মাটি উচ্ছেদ কৰা আৰু চাহ জনজাতি লোকৰ ওপৰত কৰা অত্যাচাৰ বিৰুদ্ধে এই প্ৰতিবাদ।

নগৰৰ মাজেৰে প্ৰতিবাদী সমদল কৰি আহি উপায়ুক্ত ৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণাৰে উত্তাল পৰিবেশ সৃষ্টি কৰে।

চৰকাৰ, চাহ জনজাতিৰ জন প্ৰতিনিধি, সাংসদ আদিক ধিক্কাৰ দি সকীয়নি দিয়ে প্ৰতিবাদকাৰী সকলে।

চাহ জনজাতিৰ ওপৰত চলোৱা এই বৰ্বৰোচিত অত্যাচাৰ বিৰুদ্ধে অনাগত দিনত জনগোষ্ঠীটোৱে যোগ্য প্ৰত্যুত্তৰ দিব বুলি সকীয়নি দিয়ে প্ৰতিবাদকাৰী সকলে।

লগতে পঢ়ক – তামুলপুৰতো সংহাৰী ৰূপ ধাৰণ কৰিছে বানপানীয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply