নিউজ ডেস্ক : ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়।

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম দিনটোত সোণাৰিত চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ইনড’ৰ ষ্টেডিয়াম কৰ্তৃপক্ষৰ সহযোগত চাইকেল ৰেলি বাহিৰ কৰে পুৱাৰ ভাগত।

নাফুক সন্মিলিত যুৱ মঞ্চৰ উদ্যোগতো বিগত বৰ্ষসমূহৰ দৰে এইবাৰ মাৰথান দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়।

আনহাতে বেঙেনাবাৰীত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। বেঙেনাবাৰী দৈচলং বিদ্যালয়ত অনুষ্ঠিত হয় অভিৰুচি ক্ৰীড়া দিৱসৰ কাৰ্যসূচী।

সদৌ অসম গ্ৰাম্য ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু চৰাইদেউ জিলা টাইকোৱানডো সন্থাৰ সহযোগত পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱসৰ কাৰ্যসূচী।

লগতে পঢ়ক : অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ‘ৰাজ্যিক ক্রীড়া দিৱস’ উদযাপন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply