নিউজ ডেস্ক : অসম চুক্তিৰ আটাইকেইটা দফা ৰূপায়ণৰ ৰুপৰেখা তৈয়াৰ কৰাৰ উদ্দেশ্যে অসম চৰকাৰে এখন ৮ জনীয়া কমিটি গঠন কৰিছে। শনিবাৰে ৰাজ্য চৰকাৰৰ অসম চুক্তি ৰূপায়ণৰ বিভাগৰ আয়ুক্ত সচিব জি ডি ত্ৰিপাথিয়ে এক বিবৃতি যোগে এই কথা সদৰী কৰে।
বিবৃতিটোত উল্লেখ কৰা মতে অহা তিনি মাহৰ ভিতৰত চৰকাৰৰ হাতত প্ৰতিবেদন জমা দিব লগীয়া উক্ত উপ কমিটিয়ে মূলত অসম চুক্তিৰ ৬ নং দফাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিব।
তদুপৰি উক্ত কমিটিয়ে অসম চুক্তি ৭, ৯ আৰু ১০ নং দফাৰ লগতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী, বান আৰু গৰাখহনীয় সমস্যা, অসম আন্দোলনৰ চহীদ আৰু ভুক্তভোগীৰ পৰিয়ালৰ লোকৰ বাবে পুনৰ সংস্থাপনৰ ব্যৱস্থা আদি বিষয়ৰ ওপৰত পৰ্য্যালোচনা কৰিব বুলি বিবৃতিটোত প্ৰকাশ।
বিবৃতিটোত উল্লেখ কৰা মতে অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত গঠিত উক্ত উপ-কমিটিত ৩ গৰাকী কেবিনেট মন্ত্ৰী থকাৰ লগতে ৫ জন আছু সদস্য থাকিব।
মন্ত্ৰী অতুল বৰাৰ উপৰি উক্ত কমিটিত থাকিব লগীয়া আন মন্ত্ৰী কেইজন হৈছে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পিযুছ হাজৰিকা আৰু বিত্ত মন্ত্ৰী অজন্তা নেওগ। আনহাতে আছুক সদস্য কেইগৰাকী হৈছে সভাপতি দীপাংকৰ কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা, মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টচাৰ্য্য আৰু উপদেষ্টা ক্ৰমে প্ৰকাশ চন্দ্ৰ দাস আৰু উদ্দিপ জ্যোতি গগৈ।
উল্লেখযোগ্য যে অলপতে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰ সৈতে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন আলোচনাত মিলিত হোৱাৰ পিছত যোৱা ৭ ছেপ্টেম্বৰত অসম চৰকাৰে আছুৰ প্ৰতিনিধিক লগত লৈ এখন নতুন কমিটি গঠন কৰাৰ কথা ঘোষণা কৰিছিল।
লগতে পঢ়ক : বিহাৰত অপহৰণ হোৱা নাবালিকা অসমত উদ্ধাৰ