অসম চুক্তি ৰূপায়ণে আজি ৩৭টা বৰ্ষত ভৰি দিলে। অসম চুক্তিৰ প্ৰসংগ,খিলঞ্জীয়াৰ সংজ্ঞা, অসমীয়াৰ সংজ্ঞা সম্পৰ্কে অসম চুক্তি দপ্তৰৰ মন্ত্ৰী অতুল বৰাৰ মন্তব্যই সকলোৰে চকু কপালত তুলিছে। মন্ত্ৰী গৰাকীয়ে বিধানসভাৰ মজিয়াত কয় কয় “অসম চুক্তিত উল্লেখ আছে অসমীয়া জনগণৰ কথা ৷ কিন্তু নিৰূপণহে হোৱা নাই ইয়াৰ সংজ্ঞা।”
অসম চুক্তিৰ ছয় নম্বৰ দফা কাৰ্যকৰী কৰিবৰ বাবে বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ ভিত্তিত আইনজ্ঞ কমিটী গঠন কৰাৰ কথা কোৱা হৈছিল, সেই কমিটি গঠন হোৱা নাই বুলি জনোৱাৰ বিপৰীতে ইয়াৰ কাৰণ দেখুওৱা হৈছে বিগত বৰ্ষৰ COVID 19 সৃষ্ট পৰিস্থিতি।
অসম চুক্তি মতে বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ বাস্তৱ সত্য কি তাকো ডাঙি ধৰে মন্ত্ৰী গৰাকীয়ে ৷ চলিত বৰ্ষৰ ৩১ জানুৱাৰীলৈ চিনাক্ত হৈছে ১,৪৪,০৭৭জন বিদেশী ৷ ইয়াৰে বহিস্কাৰ হৈছে মাত্ৰ ৩০,০১৪জন বিদেশীহে ৷
অৱশ্যে, অসম বাংলাদেশ সীমান্তৰ কাঁটা তাঁৰৰ বেৰৰ ক্ষেত্ৰত বিভাগ বহুখিনি আগবাঢ়িছে। এসময়ৰ আছুৰ সভাপতিৰ পৰা বৰ্তমান অসম চৰকাৰৰ অসম চুক্তি দপ্তৰৰ মন্ত্ৰী হোৱা অতুল বৰাৰ অসম চুক্তি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বিভাগীয় ভাবে কিমান আন্তৰিকতাৰে লৈছে সেই ছবিখন স্পষ্ট হৈছে।