তিনিচুকীয়া : ক’ভিড পজিটিভ ধৰা পৰাৰ মাত্ৰ দুদিন পিছতেই কাৰ্য্যালয়ত গৈ এক ভিডিঅ’ কনফাৰেন্সিঙত অংশগ্ৰহণ কৰি তিনিচুকীয়াৰ ৰশ্মি প্ৰতাপ নামৰ নিৰ্বাচনী বিষয়া গৰাকীয়ে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
আনহাতে, মাত্ৰ দুদিন পূৰ্বে কৰা পৰীক্ষাত পজিটিভ ধৰা পৰা বিষয়া গৰাকীৰ ৰহস্যজনকভাৱে বুধবাৰে ৰিজাল্ট নিগেটিভ আহিছিল আৰু নিগেটিভ অহাৰ মাত্ৰ কিছু সময়ৰ পিছতে তেওঁ কাৰ্য্যালয়ত হৈ ভিডিঅ’ কনফাৰেন্সিঙত ভাগ লয়।
উল্লেখযোগ্য যে, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে যোৱা ১৭ মে’ত জাৰি কৰা নিৰ্দেশনা অনুসৰি ক’ভিড ৰোগীসকলে ১৪ দিনৰ হোম আইচ’লেশ্যনত থাকিব লাগে। ইয়াৰে ৭ দিন চিকিৎসালয়ত আৰু বাকী ৭ দিন ঘৰত, আনহাতে হোম আইচ’লেশ্যনত থকা ৰোগী সকলেও নিগেটিভ ৰিজাল্ট অহাৰ পিছত ৭ দিন আইচ’লেশ্যনত থাৰিব লাগে।
অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) দিপু কুমাৰ ডেকাই জনোৱা মতে, বিষয়টো তেওঁলোকৰ দৃষ্টিগোচৰ হোৱা মাত্ৰকে বিষয়া গৰাকীক ভিডিঅ’ কনফাৰেন্সিং এৰি যাবলৈ কোৱা হয়। ‘তেওঁ যোৱাৰ পিছতেই ভিডিঅ’ কনফাৰেন্সিং হোৱা কক্ষটো ছেনিটাইজ কৰা হয়,’ তেওঁ কয়।
বিষয়টোৰ সন্দৰ্ভত তিনিচুকীয়াৰ উপায়ুক্ত নৰসিং পাৱাৰে ইষ্টম’জ’ৰ সাংবাদিকক কয়, ‘মই গোটেই বিষয়টোৰ ক্ষেত্ৰত এক তদন্ত কৰিবলৈ নিৰ্দেশ দিছো, যদিহে কিবা বিসংগতি ধৰা পৰে তেন্তে আইন মতে তাৰ ব্যৱস্থা লোৱা হ’ব।’
‘আমি জনাত তেওঁ বুধবাৰে কাৰ্য্যলয়লৈ আহোতে তেওঁ ক’ভিড-১৯ নিগেটিভ ৰিপৰ্ট লগত আনিছিল,’ পাৱাৰে লগতে কয়।
লগতে পঢ়ক : টকিঅ’ অলিম্পিকৰ ভাৰতীয় মহিলা হকী দলত স্থান লাভ মণিপুৰৰ সুশীলা চানুৰ
আনহাতে, সংশ্লিষ্ট বিষয়া ৰশ্মি প্ৰতাপে তেওঁৰ ওপৰত উঠা সকলো অভিযোগ অস্বীকাৰ কৰিছে। নিগেটিভ অহাৰ পিছত কিছুমান গুৰুত্বপূৰ্ণ কাগজপত্ৰ আনিবলৈহে কাৰ্য্যালয় চৌহদলৈ গৈছিল বুলি উল্লেখ কৰি এই সাংবাদিকৰ আগত তেওঁ কয়, ‘এতিয়া মই হোম আইচ’লেশ্যনত আছো’।
অভিযোগ অনুসৰি ১৪ জুনত ৰেপিড এণ্টিজেন টেষ্টত প্ৰতাপৰ ক’ভিড পজিটিভ ধৰা পৰিছিল। আনহাতে, ৰহস্যজনকভাৱে মাত্ৰ দুদিন পিছতে তেওঁ পুনৰ ক’ভিড-১৯ টেষ্ট কৰোৱাই আৰু এইবাৰ তেওঁৰ ৰিজাল্ট নিগেটিভ আহে। ইয়াৰ পিছতে বিষয়া গৰাকীয়ে কাৰ্য্যালয়ত গৈ ভিডিঅ’ কনফাৰেন্সিঙত অংশগ্ৰহণ কৰে।
যিসময়ত সাধাৰণ লোকৰ ওপৰত ক’ভিডৰ প্ৰটকল অমান্য কৰিলে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হয় তেনে ক্ষেত্ৰত খোদ এগৰাকী এ চি এছ বিষয়াই চৰকাৰে জাৰি কৰা ক’ভিডৰ নিৰ্দেশাৱলী ভংগ কৰা কথাটোৱে ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।