নিউজ ডেস্ক: বলিষ্ঠ অভিনয়ৰ জৰিয়তে অসমৰ ভ্ৰাম্যমাণ জগতত দৰ্শকৰ বিপুল সমাদৰ লাভ কৰা অভিনেতা প্ৰাণজিত্‍ দাস আৰু নাই। আজি পুৱা প্ৰায় ১০ বজাত গুৱাহাটীৰ মেট্ৰ’ হাস্পতালত চিকিত্‍সাধীন অৱস্থাত বিশিষ্ট অভিনেতা গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। 

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে সূৰ্য থিয়েটাৰৰ ‘পৰশুনাথৰ প্ৰেয়সী’ শীৰ্ষক নাটকখন মঞ্চস্থ কৰি থকাৰ অৱস্থাত জনপ্ৰিয় অভিনেতা গৰাকী মঞ্চত ঢলি পৰিছিল।

ব্ৰেইন ষ্ট্ৰোকত আক্ৰন্ত হোৱা অভিনেতাগৰাকীক ততাতৈয়াকৈ হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল পিছত উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল।

গুৱাহাটীৰ মেট্ৰো হাস্পিতালৰ আইচিইউত চিকিৎসাধীন হৈ থকা অভিনেতা গৰাকীৰ অৱশেষত আজি দেহাৱসান ঘটে।

লগতে পঢ়ক – নিশা ২ বজাত মুখ্যমন্ত্ৰীলৈ আহিল শ্বাহৰুখ খানৰ ফোন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply