গুৱাহাটী : বলিউডৰ অভিনেতা মনোজ বাজপায়ীৰ সৈতে এখন নতুন হিন্দী ছবিত অভিনয় কৰিব অসমৰ অভিনেত্ৰী উৰ্মীলা মহন্তই। ৰেনছিল ডি’ছিলভা পৰিচালিত ডায়েল ১০০ নামৰ ছবিখন Zee5 ৰ বেনাৰত নিৰ্মাণ কৰি থকা হৈছে।
টুইটাৰ যোগে মহন্তই ছবিখনত অভিনয় কৰাৰ সুযোগ লাভ কৰাত আনন্দ প্ৰকাশ কৰে।
Sony Pictures Films India আৰু Alchemy Films –এ পৰিৱেশন কৰা ছাছপেন্স থ্ৰিলাৰ ধৰ্মী ছবিখনত উৰ্মীলা মহন্তই এটা নিয়ন্ত্ৰন কক্ষত নিয়োজিত এগৰাকী আৰক্ষী বিষয়াৰ ভূমিকাত অভিনয় কৰিছে য’ত তেওঁলৈ এগাৰকী মহিলাৰ পৰা এদিন এটা ৰহস্যজনক ফোন কল আহে।
ছবিখনৰ ট্ৰেইলাৰ –
ইষ্টম’জ’ৰ সৈতে ছবিখনত অভিনয় কৰাৰ অভিজ্ঞতা বৰ্ণনা কৰি তেওঁ কয়, ‘এক যথেষ্ট ভাল অভিজ্ঞতা হৈছিল। ছবিখনে মোক মনোজ বাজপায়ীৰ দৰে আমাৰ সময়ৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ অভিনেতাৰ পৰা শিকাৰ সুযোগ দিলে।’
লগতে পঢ়ক : সন্দেহযুক্ত উগ্ৰপন্থীৰ আক্ৰমণত ভাৰত-বাংলাদেশ সীমান্তত দুজন BSF জোৱানৰ মৃত্যু
ইৰফান খান, নাৱাজুদ্দিন ছিদ্দিকী আৰু মনোজ বাজপায়ীক বলিউডৰ শ্ৰেষ্ঠ অভিনেতাসকলৰ ভিতৰত ধৰা মহন্তই তেওঁলোকৰ অভিনয়ৰ পৰা যথেষ্ট শিকিবলৈ পাইছে বুলি কয়। নাৱাজুদ্দিন ছিদ্দিকীৰ সৈতে ২০১৫ চনত তেওঁ ‘মাঁঝি-দ্যা মাউনটেইন মেন’ নামৰ এখন ছবিত অভিনয় কৰিছিল।
পুনেৰ ফিল্ম এণ্ড টেলিভিচন ইন্সটিটিউট অৱ ইণ্ডিয়াৰ স্নাতক উৰ্মীলা মহন্তৰ ঘৰ কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত। তেওঁ অসমীয়া ভাষাৰ উপৰি হিন্দী, তামিল, বেংগলী আদি বিভিন্ন ভাষাৰ ছবি, নাটক, টি ভি ছিৰিজ আদিত অভিনয় কৰিছে।
তেওঁৰ অভিনয় কৰা কেইখনমান আহিবলগীয়া ছবি হৈছে মুন্না আহমেদৰ ‘সুবালা’, প্ৰশান্ত শইকীয়াৰ ‘গুৱাহাটী ডায়েৰিছ’, মঞ্জুৰী বৰকটকীৰ ‘এক্ৰছ দ্যা পেডী ফিল্ড’ ইত্যাদি।
ইংৰাজীত পঢ়ক : Assam actor Urmila Mahanta to share screen with Manoj Bajpayee