বিশ্বনাথ: সমগ্ৰ ৰাজ্যত বিহুক লৈ উখল মাখল পৰিবেশ। তাৰ সমান্তৰালভাৱে বৃহস্পতিবাৰে গৰু বিহুৰ দিনা চাহ জনজাতি লোকসকলে উদযাপন কৰে চড়ক পূজা।

ৰাজ্যৰ আন প্ৰান্তৰ লগতে বিশ্বনাথৰ পাভৈত চাহ জনজাতিৰ লোকসকলে কালি মহা আড়ম্বৰে উদযাপন কৰে চড়ক পূজা। চড়ক পূজা উপলক্ষে  একাংশ ভক্তই লোৰ শলাৰে ডিঙি, জিভা, পিঠি ফুটাই পাভৈ পাচঁআলিৰ মাজেৰে শোভাযাত্ৰা কৰি মৰব থানৰ শিৱ মন্দিৰত উপস্হিত হৈ শিৱ মন্দিৰত পূজা অৰ্চনা কৰে।

ইয়াৰ পিছত লোৰ শলা খুলি নীতি নিয়ম কৰে ভক্তবৃন্দই l উল্লেখযোগ্য যে, প্ৰায় ১মাহ দিন উপবাসে থকাৰ পিছত পাভৈ নদীৰ পানীযুৱলিত লোৰ শলাৰে ডিঙি, জিভা, পিঠি ফুটোৱা শিহৰণকাৰী দৃশ্য চাবলৈ অঞ্চলটোৰ ৰাইজৰ সমাগম ঘটে l এই উপলক্ষে পাভৈত এখন মেলা অনুষ্ঠিত হয়l

এনেদৰে উপবাসৰ অন্তত লোৰ শলাৰে ডিঙি, জিভা, পিঠি ফুটালে বছৰটোৰ কাৰনে মংগল হোৱাৰ বিশ্বাসতে এনেদৰে নীতি নিয়ম অনুযায়ী পালন কৰা দৃশ্যই সাধাৰণ জনতাক শিহৰাই তুলে।

লগতে পঢ়ক – ৰাজ্যত পুনৰ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ; তিনিজনক আটক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply