নিউজ ডেস্ক : বিশ্বনাথ আৰক্ষীয়ে দেওবাৰে জিলাখনত এগৰাকী আফগান নাগৰিকক গ্ৰেপ্তাৰ কৰে। দেওবাৰে বিশ্বনাথ আৰক্ষীৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে ধৃত আফগান লোকজনে কোনো বৈধ প্ৰমাণপত্ৰ অবিহনে ভ্ৰমণ কৰি আছিল।
যোৱা শুকুৰবাৰে বিশ্বনাথ চাৰিআলিত লখিমপুৰ অভিমুখী এখন বাছত উঠিবলৈ লোৱাৰ সময়তে আৰক্ষীয়ে লোকজনক আটক কৰে বুলি জানিবলৈ দিয়ে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে অভিযুক্ত লোকজনে নিজৰ লগত এখন পাছপ’ৰ্ট আৰু ভিছা ৰাখিছে যদিও আৰক্ষীয়ে সেইসমূব ভুৱা বুলি সন্দেহ কৰিছে।
প্ৰাপ্ত তথ্য মতে লোকজনে ২০১৮ চনৰ ৪ ডিচেম্বৰত ভাৰতত প্ৰৱেশ কৰি অসমকে ধৰি দেশৰ বিভিন্ন ঠাইত কাপোৰৰ ব্যৱসায় কৰি আহিছিল।
বিশ্বনাথৰ জিলা আদালতে দেওবাৰে লোকজনক ন্যায়িক জিম্মাৰ বাবে প্ৰেৰণ কৰে।
লগতে পঢ়ক : অসমীয়া শিখ সন্থাৰ মুখ্য উপদেষ্টা, বিশিষ্ট সমাজসেৱক হৰি সিংৰ মৃত্যু