মঙলদৈ: দৰং জিলাৰ বিভিন্ন অঞ্চলত আফ্ৰিকান ছোৱাইন ফিভাৰৰ আতংকই বিৰাজ কৰিছে। জিলাখনৰ পুনিয়া, কমাৰপাৰা, গধীয়া পাৰা, পাথৰিঘাট আদি গাঁৱৰ গাহৰি আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হোৱাৰ আশঙ্কা কৰিছে জিলা পশু চিকিৎসা বিভাগে।
বানপানীৰ পিছতেই জিলাখনত গাহৰিৰ গাত দেখা দিছে এই বিধ ৰোগে। যাৰ বাবে এতিয়া তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন।
মঙলদৈৰ নিকটৱৰ্তী কমাৰপাৰাত প্ৰশাসনে একে দিনাই ১৫০ টা গাহৰি হত্যা কৰি গাঁতত পুতি পেলায়। আজিও ছিপাঝাৰৰ বৰমপুৰত শতাধিক গাহৰি মাৰি পেলোৱা হয়।
কিন্তু তাৰ পিছতো মঙলদৈ বাংলাগড় বজাৰ চকত প্ৰশাসনৰ চকুৰ আগতে মুকলিভাৱে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত গাহৰি মাংসৰ বেচা-কিনা চলি আছে।
আনকি ছোৱাইন ফিভাৰ হোৱা ঠাইৰ গাহৰি কম মূল্যত আনি বিক্ৰী কৰাৰ অভিযোগো উঠিছে বিভিন্নজনৰ মুখে মুখে। এইক্ষেত্ৰত জিলা প্ৰশাসন, আৰক্ষী, আৰু পশু চিকিৎসা বিভাগৰ হস্তক্ষেপ কামনা কৰিছে দল-সংগঠনে।
লগতে পঢ়ক – নগাঁৱৰ ব্যক্তিগত নাৰ্ছিং হোমত ১৪ দিনত দুবাৰকৈ ভুল চিকিৎসাৰ বলি কিশোৰ