চন্দন বৰা, কমাৰগাঁও: কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বছাপথাৰ তৰুণ নগৰত আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ এগৰাকী ছাত্ৰীৰ আত্মহনন ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।
কমাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল পৰীক্ষাত অৱতীৰ্ণ হোৱা বছাপথাৰ তৰুণ নগৰৰ দীপক ছেত্ৰীৰ ১৬ বছৰীয়াই কণ্যাই পৰীক্ষাৰ ফলাফলত অকৃতকাৰ্য হোৱাৰ বাবে আত্মহত্যা দৰে চৰম পথ বাছি লয়।
ছাত্ৰী গৰাকীৰ অকাল মৃত্যুত পৰিয়ালটো শোকত ভাগি পৰাৰ লগতে অঞ্চলটোত শোকৰ ছাঁ পৰিছে। পিছত ঘটনাস্থলীত কমাৰগাঁও আৰক্ষী উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত ছাত্ৰী গৰাকী মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰে।
লগতে পঢ়ক – অনুমতি অবিহনে জিলাত খান্দিব নোৱাৰিব ৰাষ্টা : উপায়ুক্ত